• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘চকীদাৰ’ নথকা বিজেপিৰ কাৰ্য্যালয়ত সোমোৱা উপমন্যু হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , April 8, 2019 9:30 am

2 min read

Upamanyu Hazarika at BJP office

বিজেপিৰ কাৰ্য্যালয়ত উপস্থিত হৈ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা। ফাইল ফটো

470
VIEWS
Share on FacebookShare on Twitter

‘চকীদাৰবিহীন’ বিজেপিৰ এটা নিৰ্বাচনী কাৰ্য্যালয়ত প্ৰৱেশ কৰি নিজৰ প্ৰচাৰ চলোৱা গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ৰাজ্যিক বিজেপিয়ে।

৭ এপ্ৰিলত (দেওবাৰ) গুৱাহাটীৰ নুনমাটি থানাত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে গোচৰ দিছে ৰাজ্যিক বিজেপিৰ আইন কোষে।

উল্লেখ্য যে, ৬ এপ্ৰিলত হাজৰিকাই নুনমাটিৰ পৰা প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰাৰ পাছতেই নিউ গুৱাহাটী বাছ আস্থানৰ কাষতেই থকা বিজেপিৰ এটা জনশূন্য নিৰ্বাচনী কাৰ্যালয় দেখি আকস্মিকভাৱে তাত প্ৰৱেশ কৰিছিল। ‘শূন্য’ কাৰ্যালয়টটোত বহি উপমন্যু হাজৰিকাই কটাক্ষ কৰি কৈছিল“ এই শূন্য কাৰ্য্যালয়টো যেনেকৈ শূন্য, বিজেপিৰ প্ৰতিশ্ৰুতিবোৰো শূন্য”। ইয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ লগতে এই দৃশ্য সম্বলিত ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।

সৰ্বত্ৰে ঘটনাটো চৰ্চা হোৱাৰ পিছত আজি ৰাজ্যিক বিজেপিৰ আইন কোষে দাখিল কৰা এজাহাৰত হাজৰিকাৰ বিৰুদ্ধে আনৰ কাৰ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰি সংবাদ মাধ্যমক সম্বোধন কৰাৰ অভিযোগ উত্থাপন কৰিছে। লগতে কাৰ্যালয়ৰ পৰা গুৰুত্বপূৰ্ণ নথি-পত্ৰ চুৰি হোৱা বুলিও দাবী কৰিছে ৰাজ্যিক বিজেপিয়ে।

লগতে পঢ়ক বিজেপিৰ কাৰ্য্যালয়ৰ পৰা প্ৰচাৰ কৰাৰ বিৰল সুযোগ পালে নিৰ্দলীয় উপমন্যু হাজৰিকাই

এজাহাৰ দাখিলৰ পাছতে ৰাজ্যিক বিজেপিৰ আইন পৰিক্ৰমা বিভাগৰ উপদেষ্টা বেণুধৰ নাথে কয়, “উপমন্যু হাজৰিকাই এইদৰে আন দলৰ কাৰ্য্যালয়ত অনধিকাৰ প্ৰৱেশ কৰা কাৰ্য্যই প্ৰকৃততে তেওঁ মানসিকভাৱে সুস্থ-সবল হয় নে নহয় তাত সন্দেহৰ সৃষ্টি কৰিছে”।

ইপিনে, নৰ্থ-ইষ্ট নাওৰ ফালৰ পৰা উপমন্যু হাজৰিকাক যোগাযোগ কৰা হৈছিল যদিও তেওঁক ফোনত পোৱা নগ’ল। অৱশ্যে হাজৰিকাৰ হৈ তেওঁৰ ৰিংকু ভূঞা নামৰ এজন সমৰ্থকে কয়, “অসমত সোমোৱা বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব নোৱৰা বিজেপিয়ে এতিয়া উপমন্যু হাজৰিকাৰ বিৰুদ্ধে চুৰিৰ অভিযোগ আনিছে। কিন্তু হাজৰিকাই তেওঁলোকৰ কাৰ্যালয়ত সোমোৱা ভিডিঅ’ আছে। বিজেপিৰ শূন্য কাৰ্যালয়টোৰ দৰে তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰো যে শূন্য সেই কথা প্ৰমাণ কৰিবলৈহে তেওঁ তালৈ গৈছিল”।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd