হিমাচলত প্ৰসাধন কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডঃ আৱদ্ধ বহু কৰ্মী

Fire breaks out at Himachal cosmetics factory

হিমাচল প্ৰদেশৰ বাড্ডি চহৰস্থিত এটা সুগন্ধি আৰু প্ৰসাধন কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ সময়ত কাৰখানাটোৰ ভিতৰত প্ৰায় ১৩০ জন কৰ্মচাৰী উপস্থিত আছিল বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ দল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয়।

এতিয়ালৈকে ৩২ জন লোকক কাৰখানাটোৰ পৰা উলিয়াই ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে আন কৰ্মচাৰীসকল এতিয়াও কাৰখানাটোৰ ভিতৰতে আৱদ্ধ হৈ আছে।

আৱদ্ধ কৰ্মচাৰীসকলক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে বুলি স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।