• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধ আৰু শান্তি! ৪৭১ দিনৰ মূৰত হামাছৰ পৰা মুক্ত ৩ বন্দী, ইজৰাইলে এৰিলে ৬৯ মহিলা আৰু ২১ কিশোৰক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2025 10:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হামাছৰ হাতত ৪৭১ দিন গাজাত বন্দী হৈ থকাৰ পিছত তিনিজন ইজৰাইলী নিজৰ দেশলৈ উভতি আহিল। ১৯ জানুৱাৰীত গাজাত যুদ্ধবিৰতি নিৰ্ধাৰিত সময়তকৈ ৩ ঘণ্টা পিছত কাৰ্যকৰী হয়। এই পৰিবেশত পেলেষ্টাইনী সশস্ত্ৰ সংগঠনে তিনিজন ইজৰাইলী বন্দীক ৰেড ক্ৰছৰ হাতত গতাই দিয়ে।

হামাছৰ এজন জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থাক জনোৱা মতে, ইজৰাইললৈ ঘূৰাই পঠোৱাৰ পূৰ্বে আটাইকেইটা বন্দীক আনুষ্ঠানিকভাৱে গাজা চহৰৰ ৰেড ক্ৰছক গতাই দিয়া হৈছে। ইফালে সেই মুহূৰ্তৰ ভিডিঅ’ টেল আভিভৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয়ৰ বাহিৰত এখন বিশাল পৰ্দাত দেখুওৱা হৈছিল। তাত তিনিগৰাকী মহিলা কয়দীক হামাছৰ এখন বাহনত আনি তাৰ পৰা নামি অহা দেখা গৈছে। তাৰ পিছত ৰেড ক্ৰছৰ আন্তঃৰাষ্ট্ৰীয় সমিতিৰ বাহনত উঠে। সেই সময়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ চৌহদত হাজাৰ হাজাৰ ইজৰাইলীয়ে আনন্দত ইজনে সিজনক সাৱটি ধৰিছিল। আনকি বহুতে কান্দিছিলো।

Apply Now

খবৰ অনুসৰি হামাছৰ বন্দীত্বৰ পৰা মুক্তি পোৱা ইজৰাইলী বন্দীসকল হ’ল নোভা মিউজিক ফেষ্টিভেলৰ পৰা অপহৰণ কৰা ৰোমি গ’নেন (২৪) আৰু কিবুটজ কাফাৰ আজাৰ পৰা অপহৰণ কৰা এমিলি ডামাৰী (২৮) আৰু ড’ৰন ষ্টেইনব্ৰেচাৰ (৩১)। ইজৰাইলী বাহিনীয়ে হামাছৰ পৰা মুকলি কৰি দিয়া তিনিজন কয়দীৰ প্ৰাৰম্ভিক শাৰীৰিক পৰীক্ষা কৰিব।

এই সন্দৰ্ভত প্ৰতিৰক্ষা বিভাগে এক বিবৃতি প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে, “মুক্তিপ্ৰাপ্ত তিনিজন বন্দী ইজৰাইলৰ ভূখণ্ডলৈ উভতি অহাৰ পিছত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী আৰু আই এছ এ বাহিনীৰ বিশেষ দলে তেওঁলোকক এস্কৰ্ট কৰিব। প্ৰাথমিক চিকিৎসা আৰু শাৰীৰিক পৰীক্ষা কৰা হ’ব।”

আনহাতে, ইজৰাইলী বন্দীসকলক মুকলি কৰি দিয়াৰ পিছত ইজৰাইলে পেলেষ্টাইনীসকলক মুকলি কৰি দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰে। ইজৰাইলৰ দখলত থকা পশ্চিম পাৰত পেলেষ্টাইনী বন্দী কঢ়িয়াই অনা কেইবাখনো বাছ ৰখাই থোৱা আছিল। এই প্ৰসংগত হামাছে ঘোষণা কৰে যে ইজৰাইলে ৩ গৰাকী ইজৰাইলীক মুকলি কৰি দিয়াৰ বিনিময়ত ৬৯ গৰাকী মহিলা আৰু ২১ গৰাকী পেলেষ্টাইনী কিশোৰক মুকলি কৰি দিছে। ইফালে যুদ্ধবিৰতি আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে সাহায্য সামগ্ৰী কঢ়িয়াই ৬৩০খন ট্ৰাক গাজাত প্ৰৱেশ কৰে।

উল্লেখ্য যে ইজৰাইল আৰু হামাছক পূৰ্বে কাটাৰৰ ডোহাত ৯৬ ঘণ্টা ধৰি দীঘলীয়া আলোচনাৰ অন্তত এই যুদ্ধবিৰতিত সন্মতি দিবলৈ ৰাজী কৰা হৈছিল। এই যুদ্ধবিৰতি প্ৰথম অৱস্থাত ৬ সপ্তাহৰ বাবে কাৰ্যকৰী হ’ব। তাৰ পাছত ১৭ জানুৱাৰীত ইজৰাইলৰ নেতানিয়াহু চৰকাৰে হামাছৰ সৈতে যুদ্ধবিৰতি চুক্তিত অনুমোদন জনায়। সেইদিনা ছয় ঘণ্টাৰো অধিক আলোচনাৰ অন্তত অৱশেষত ইজৰাইলৰ মন্ত্ৰীসভাই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। ইফালে কেবিনেট বৈঠকত একাংশ উগ্ৰ সোঁপন্থী মন্ত্ৰীয়ে যুদ্ধবিৰতিৰ বিৰুদ্ধে ভোটদান কৰে। কিন্তু মুঠতে নেতানিয়াহুৰ মন্ত্ৰীসভাৰ ২৪ জন সদস্যই যুদ্ধবিৰতিৰ সপক্ষে ভোটদান কৰে, আৰু ইয়াক অনুমোদন জনোৱা হয়।

মন কৰিবলগীয়া যে হামাছে এতিয়াও গাজাত ৯০ জনতকৈ অধিক ইজৰাইলী বন্দীক আবদ্ধ কৰি ৰাখিছে। অৱশ্যে ইয়াৰে কেইবাজনো লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd