অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত মুঠ ৪৭টা সমষ্টিৰ বাবে নগাওঁ জিলাৰ ৫টা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাৰ ১১ হাজাৰ ৫৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ’ব।
প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ৮১,০৯,৮১৫ গৰাকী ভোটাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ২৬৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।
ইয়াৰ ভিতৰত ৪০,৭৭,২১০গৰাকী পুৰুষ ভোটাৰ আৰু ৪০,৩২,৪৮১ গৰাকী মহিলা ভোটাৰে আজি ভোটাধিকাৰ সাৱ্যস্ত কৰিব।
কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নীতি-নিয়মৰ মাজেৰে সম্পন্ন হ’ব কৰা ভোটদান প্ৰক্ৰিয়া।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বহুকেইগৰাকী হেভীৱেইট প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হ’ব।
প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা হেভীৱেইট প্ৰাৰ্থীসকল ভিতৰত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, মন্ত্ৰী নৱকুমাৰ দলে, মন্ত্ৰী ৰঞ্জিত দত্ত, মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষাণ, কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰা, প্ৰাক্তন সাংসদ আৰ পি শৰ্মা আৰু অজাপৰ নেতা জগদীশ ভূঞা।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী সমষ্টিৰ পৰা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই গহপুৰ সমষ্টিৰ পৰা, লুৰিণজ্যোতি গগৈয়ে ক্ৰমে দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা আৰু অখিল গগৈয়ে শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
সেইদৰে, বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে যোৰহাট সদৰ সমষ্টিৰ পৰা, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই বোকাখাত সমষ্টিৰ পৰা, মন্ত্ৰী নৱ কুমাৰ দলেই ঢকুৱাখনা সমষ্টিৰ পৰা আৰু প্ৰাক্তন মন্ত্ৰী তথা অলপতে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা অজন্তা নেওগে গোলাঘাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।