লোকসভাত শপত গ্ৰহণ মোডীৰ; হাতত সংবিধান লৈ লোকসভা চৌহদত প্ৰতিবাদ ‘ইণ্ডিয়া’ৰ

ফটোঃ সংগ্ৰহীত।

আজি নৰেন্দ্ৰ মোডী আৰু তেওঁৰ কেবিনেট সদস্যসকলে সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত সংসদৰ বাহিৰত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

সোমবাৰে ১৮ সংখ্যক লোকসভা অধিৱেশনৰ প্ৰথম দিনাই সংবিধান ৰক্ষাৰ দাবীত গান্ধী প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দলৰ সাংসদসকলে।

কংগ্ৰেছৰ ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, তৃণমূলৰ সুদীপ বেনাৰ্জী, সৌগত ৰায়, সমাজবাদী পাৰ্টিৰ ডিম্পল যাদৱ, এন চি পিৰ সুপ্ৰিয়া চুলেকে ধৰি বিৰোধী নেতাসকলে হাতত সংবিধান লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়কঃT20 World Cup 2024: গ্ৰুপৰ শীৰ্ষত থাকিও বিশ্বকাপৰ পৰা বাহিৰ হ’ব পাৰে টীম ইণ্ডিয়া? জানি লওক সমীকৰণ

অৱশ্যে বিৰোধী দলৰ একাংশ সাংসদ সংসদৰ ভিতৰতে আছিল। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ সময়তে বিৰোধীৰ বেঞ্চৰ পৰা ‘নীট-নীট’ শ্লোগান ভাহি আহে। প্ৰসংগক্ৰমে নেট আৰু নীটত অনিয়ম আৰু প্ৰশ্ন ফাদিলৰ অভিযোগক লৈ বিৰোধী শিবিৰে চলিত অধিবেশনত সৰৱ হোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।

ডি এম কে দলৰ নেতা টি আৰ বালু, কংগ্ৰেছৰ কে সুৰেশ আৰু তৃণমূলৰ সুদীপ বেনাৰ্জীয়ে প্ৰটেম অধ্যক্ষ নিৰ্বাচনক লৈ মতানৈক্যৰ বাবে সংসদত শপতগ্ৰহণ বৰ্জন কৰাৰ কথা ঘোষণা কৰে। সৰ্বাধিক বাৰ বিজয়ী কংগ্ৰেছৰ কে সুৰেশক নিদি কিয় কটকৰ বিজেপিৰ সাংসদ ভৰ্তৃহৰী মহতাবৰ হাতত এই দায়িত্ব দিয়া হ’ল বুলি প্ৰশ্ন উত্থাপন হৈছে বিৰোধী শিবিৰত।

লগতে পঢ়কঃ হজত মৃতকৰ সংখ্যা ১৩০০ অতিক্ৰম; ছৌদি আৰৱৰ দাবী ৮৩ শতাংশই অবৈধ হজযাত্ৰী!

বিগত দুটা লোকসভা নিৰ্বাচনত বিজেপিয়ে নিজাববীয়াকৈ যাদুকৰী সংখ্যাত উপনীত হ’বলৈ সক্ষম হৈছিল। কিন্তু এইবাৰ পৰিস্থিতি বেলেগ। বিজেপি চৰকাৰ এইবাৰ মিত্ৰজোঁট নিৰ্ভৰ। যিহেতু শাসকীয় দল এইবাৰ তুলনামূলকভাৱে দুৰ্বল, সেয়েহে বিৰোধী দলসমূহে আৰম্ভণিৰে পৰাই আক্ৰমণৰ কৌশল গ্ৰহণ কৰিছে। অহা দুদিন ধৰি চলিব সাংসদসকলৰ শপত গ্ৰহণ অনুষ্ঠান। সেয়া সম্পন্ন হোৱাৰ পিছতহে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ’ব।