নৱবৰ্ষৰ প্ৰথমটো দিনতে দুৰ্যোগ বিধ্বস্ত হৈ পৰিছে জাপান। আজি দেশখনত মাত্ৰ ৯০ মিনিটতৰ ভিতৰতে অহা ২১টাকৈ ধাৰাবাহিক ভূমিকম্পই সংহাৰী ৰূপ ধাৰণ কৰিছে।
মধ্য জাপান আৰু ইয়াৰ পশ্চিম উপকূলত ৭.৬ প্ৰাবল্যৰ এক প্ৰবল ভূমিকম্পৰ পিছতে জাপান সাগৰৰ উপকূলৰ কিছু অংশত ছুনামীৰ সৃষ্টি হয় আৰু সমগ্ৰ প্ৰদেশখনতে আতংকৰ সৃষ্টি কৰে
জাপানৰ উপকূলীয় প্ৰিফেকচাৰ ইছিকাৱা, নিইগাটা আৰু ট’য়ামাৰ লগতে ৰাছিয়াৰ সুদূৰ পূবৰ ভ্লাডিভষ্টক আৰু নাখোডকা চহৰৰ বাবেও চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
এনে দুৰ্যোগৰ পিছতে প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডাই স্থানীয় বাসিন্দাসকলক সম্ভাৱ্য অধিক ভূমিকম্পৰ বাবে সজাগ হৈ থাকিবলৈ আৰু ছুনামীপ্ৰৱণ অঞ্চলত থাকিলে তৎকালীনভাৱে ঘৰ এৰি যাবলৈ আহ্বান জনায়।
ভূমিকম্পই অধিক প্ৰভাৱ পেলোৱা ইছিকাৱা আৰু টয়মা প্ৰিফেকচাৰৰ ৩৬ হাজাৰৰো অধিক পৰিয়ালৰ বিদ্যুৎ বন্ধ হৈ পৰে। টোহোকু, জোয়েটছু, আৰু হোকুৰিকু লাইনত বুলেট ৰেল সেৱা বন্ধ কৰি দিয়া হয়।
টেলিকম অপাৰেটৰ চফ্টবেংক আৰু কেডিডিআইয়ে ইছিকাৱা আৰু নিইগাটাত ফোন আৰু ইণ্টাৰনেট সেৱাত ব্যাঘাত জন্মা বুলি সদৰী কৰিছে।
তদুপৰি জাপানী বিমান সংস্থা এ এন এ আৰু জাপান এয়াৰলাইন্সেও ক্ষতিগ্ৰস্ত অঞ্চললৈ বিমান সেৱা বাতিল কৰে।
ক্ষতিৰ সম্পূৰ্ণ প্ৰভাৱ এতিয়াও পোহৰলৈ অহা নাই। কৰ্তৃপক্ষই বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আৰু সম্ভাৱ্য অধিক দুৰ্যোগৰ বাবে সাজু থাকিবলৈ আহ্বান জনাইছে।





