• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাজ নিশা ক’ভিড চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, ৫ গৰাকী লোকৰ কৰুণ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 27, 2020 10:52 am

1 min read

মাজ নিশা ক’ভিড চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, ৫ গৰাকী লোকৰ কৰুণ মৃত্যু

ফটো উৎস : টাইমছ অৱ ইণ্ডিয়া

252
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ ৰাজকোট জিলাত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াত থকা এখন ক’ভিড চিকিৎসালয়ত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

এই অগ্নিকাণ্ডটোত পাঁচগৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। এই লোকজনৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি, যন্ত্ৰপাতিৰ অংশত চৰ্ট চাৰ্কিট হোৱাৰ ফলত হাস্পতালখনত জুই লাগিছিল।

চৰ্ট চাৰ্কিট যদিও ঘটনাৰ প্ৰকৃত কাৰণৰ বিষয়ে অনুসন্ধান চলাবলৈ ইতিমধ্যে গুজৰাটৰ মুখ্য মন্ত্ৰী বিজয় ৰূপানীয়ে নিৰ্দেশ দিছে।

জানিব পৰা মতে এই শোকাৱহ ঘটনাটো বৃহস্পতিবাৰে নিশা একৰ পৰা দুই বজাৰ ভিতৰত সংঘটিত হৈছে।

চহৰখনৰ শিৱানন্দ ক’ভিড চিকিৎসালয়ৰ আই চি য়ু ৱাৰ্ডত জুই লগাত এই ঘটনাটো ঘটে। চিকিৎসালয়খনত ৩৩ গৰাকী ক’ৰ’না ৰোগীৰ চিকিৎসা চলি আছিল।

ঘটনা সংঘটিত হোৱাৰ লগে লগে কিছু লোকক অন্য ৱাৰ্ডলৈ স্থানান্তৰিত কৰা হয় যদিও ৰামসিংভাই, নিতিনভাই বদানী, ৰচিকলাল অগ্ৰাৱত, সঞ্জয় ৰাঠোৰ আৰু কেশুভাই আকবৰী অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰে।

উল্লেখ্য যে আগষ্টৰ পৰা এতিয়ালৈকে গুজৰাটৰ চিকিৎসালয়ত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা এইটো চতুৰ্থ ঘটনা।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দলটো সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

অগ্নিকাণ্ডৰ ঘটনাৰ পিছৰে পৰা সেই স্থানত অধিক নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd