• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৌৰ বিকিৰণৰ দ্বাৰা ‘প্ৰভাৱিত’ ছফটৱেৰ! বিশ্বজুৰি বিপৰ্যস্ত ৬ হাজাৰ বিমান সেৱা, দুৰ্ভোগ বিমানযাত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2025 9:08 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এয়াৰবাছে এক অভূতপূৰ্ব সতৰ্কবাণী জাৰি কৰিছে। আৰু তাৰ পিছত সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে বিমান দুৰ্যোগ। কাৰণ ইউৰোপীয় বিমান সংস্থাটোৰ মতে বৰ্তমান আকাশত উৰি থকা প্ৰায় ৬হাজাৰ A320 বিমানত ছফটৱেৰৰ ভুল হ’ব পাৰে! ভুলৰ উৎস হৈছে সূৰ্য্যৰ অস্বাভাৱিক তীব্ৰ বিকিৰণ!

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ইয়াৰ বাবেই এয়াৰ ফ্ৰান্সে কমেও ৩৫খন বিমান বাতিল কৰিছে। দক্ষিণ আমেৰিকাৰ এভিয়ানকাই কয় যে তেওঁলোকৰ ৭০ শতাংশ বিমানতো একে সমস্যা ধৰা পৰিছে। যাত্ৰীৰ ভিৰ, দীঘলীয়া লাইন, বিশ্বৰ বিভিন্ন বিমানবন্দৰত বিভ্ৰান্তি – এই সকলো মিলি সাধাৰণ যাত্ৰী চৰম বিপদত পৰিছে।

Apply Now

৩০ অক্টোবৰৰ পৰা কানকুনৰ পৰা নেৱাৰ্কলৈ যোৱা জেটব্লু A320 বিমানখনে হঠাতে বায়ুৰ মাজত তললৈ মূৰ কৰি নামি পৰে। বিমান নিয়ন্ত্ৰণত হঠাতে ব্যাঘাত জন্মাত টাম্পাত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। লগতে আহত হয় কেইবাজনো যাত্ৰী। তদন্তত ভয়ংকৰ তথ্য প্ৰকাশ পাইছে—অস্বাভাৱিক সৌৰ বিকিৰণে বিমানখনৰ গুৰুত্বপূৰ্ণ উৰণ নিয়ন্ত্ৰণৰ তথ্য ‘ক্ষতি’ কৰিছিল।

লগে লগে এয়াৰবাছে এটা জৰুৰী আদেশ জাৰি কৰিলে—“তাৎক্ষণিকভাৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰক। ছফটৱেৰ আপডেট কৰক।”

এয়াৰবাছে কয় যে বেছিভাগ বিমানতে এই ছফটৱেৰ আপডেট কৰিবলৈ কেইঘণ্টামান যথেষ্ট। কিন্তু প্ৰায় ১০০০খন বিমান আছে যিবোৰৰ কামত কেইবা সপ্তাহো লাগিব। স্বাভাৱিকতে এই বিলম্বই সময়সূচী আৰু অধিক বৃদ্ধি কৰিব।

ইউৰোপীয় বিমান সুৰক্ষা সংস্থা ইএএছএই কয় যে তেওঁলোকে এই বিষয়টো তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে। কোম্পানীটোৰ স্পষ্ট বাৰ্তা—“হ্ৰস্বম্যাদী হ’লেও ডাঙৰ বিঘিনি ঘটিব। কিন্তু সুৰক্ষা সকলোৰে আগত।”

উৰণ নিয়ন্ত্ৰণ কম্পিউটাৰটো ফ্ৰান্সৰ প্ৰতিৰক্ষা কোম্পানী থেলেছে নিৰ্মাণ কৰে। তেওঁলোকে কয় যে যন্ত্ৰাংশৰ অৱস্থা ভাল যদিও ছফটৱেৰটো তেওঁলোকৰ দায়িত্বত নহয়। কোন কোম্পানীয়ে এই ছফটৱেৰটো প্ৰস্তুত কৰিছিল সেই কথা এয়াৰবাছে স্পষ্ট কৰা নাই।

ইফালে, আমেৰিকান এয়াৰলাইন্সে জনোৱা মতে, শুকুৰবাৰৰ সতৰ্কবাণীৰ পিছত ৩৪০খন বিমানত ছফটৱেৰ আপডেট আৰম্ভ হৈছে। শনিবাৰৰ ভিতৰত বেছিভাগ বিমানে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। যদিও কিছুমান বিমানত ‘বহু পলম’ হোৱাৰ সম্ভাৱনা আছে।

#EASA has issued an Emergency Airworthiness Directive (EAD) for the @Airbus A320 family. This may unfortunately cause disruption to flight schedules and inconvenience to passengers. As is always the case in aviation, safety is paramount. https://t.co/Kh73onP2ZO

— EASA (@EASA) November 28, 2025

আনহাতে, এভিয়ানাই কয় যে আগন্তুক ১০ দিনলৈকে বৃহৎ বিঘিনি অব্যাহত থাকিব পাৰে। ইউনাইটেড এয়াৰলাইন্সে দাবী কৰে যে তেওঁলোকৰ বিমানসমূহ বৰ্তমান এই সমস্যাৰ দ্বাৰা প্ৰভাৱিত হোৱা নাই।

বিশ্বৰ দুখন জনপ্ৰিয় বিমানৰ মাজত হোৱা প্ৰতিযোগিতাত এয়াৰবাছ A320 ইমানেই আগবাঢ়িছে যে – ১২,২৫৭খন বিক্ৰী হৈছে, যিটো বয়িং ৭৩৭তকৈ ৩খন বেছি।কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই অজ্ঞাত ছফটৱেৰ সংকট A320ৰ সুৰক্ষাৰ নিৰ্ভৰতাত এক ডাঙৰ আঘাত নেকি?

ইমান দিনে কল্পনা কৰা সূৰ্যৰ ৰশ্মিৰ মাৰাত্মক প্ৰভাৱে এতিয়া সমগ্ৰ বিশ্বৰ বিমান সেৱাক কঁপাই তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

মহাকাব্যিক অধ্যায়ৰ পৰিসমাপ্তি! ক্ৰিকেট ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কিংবদন্তি ছাৰ গেৰী ছ’বাৰ্ছৰ দেহাৱসান

July 18, 2026 8:01 am
পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত অধিক বিপজ্জনক ডায়েবেটিছ‎ ৰোগ : কি ক’লে বিশেষজ্ঞই

July 18, 2026 7:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

সোণম ৱাংচুকক চিকিৎসালয়লৈ লৈ গ’ল আৰক্ষীয়ে; অনশনৰ ২১ দিনত শাৰীৰিক অৱস্থাৰ অৱনতি

July 18, 2026 9:35 am
Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

Donald Trump Speech Leak: ট্ৰাম্পৰ ভাষণ ফাদিল কৰি কোটিপতি হৈ পৰিল ট্ৰাম্পৰ টেলিপ্ৰম্পটাৰ অপাৰেটৰ

July 18, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd