• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

চলচ্চিত্ৰ : গোলাই চোৰৰ আখ্যান

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
January 18, 2025 2:41 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাই চোৰ চিনেমাখনৰ নামটো ইতিমধ্যেই অসমত যথেষ্ট চৰ্চাত আছে। আগত ১৭ জানুৱাৰী,২০২৫ তাৰিখে মুক্তি লাভ কৰা এই ছবিখনৰ কাহিনীভাগ লিখিছে ৰক্তিম কমল বৰুৱাই। ছবিখনৰ পৰিচালনাও কৰিছে ৰক্তিম কমল বৰুৱাই। চিত্ৰনাট্য লিখিছে ৰক্তিম কমল বৰুৱা, মৃন্ময় শইকীয়া আৰু আকাশদ্বীপে।

ছবিৰ আৰম্ভণি হয় ১৯৮৩ চনৰ অসমৰ গ্ৰাম্য পৰিবেশত। ৰেডিঅ‘ত বিশ্বকাপ ক্ৰিকেটৰ ধাৰাভাস্য চলি থাকে। এজন ব্যক্তিয়ে বিয়া মাতিবলৈ আহি,গাঁ‌ৱৰে এঘৰত আশ্ৰয় লয়হি। ঘৰৰ গৰাকীক নিজৰ অলপ মুদ্ৰা আলমীৰাত থ’বলৈ দিয়ে ব্যক্তিজনে। পিছে মাজনিশা আহি পুলিচে সেই ঘৰত চোৰে আশ্ৰয় লৈছে বুলি চোৰকো ধৰে আৰু মুদ্ৰাখিনিৰ লগতে গৰাকীৰ ঘৰৰ বাকী সকলো সা-সম্পত্তি বাজেয়াপ্ত কৰে। লগতে কৈ থৈ যায় যে পুৱা থানালৈ আহি তাৰে পৰা তেওঁলোকৰ নিজৰ সম্পত্তিখিনি বাচি লৈ যায়হি যাতে। হতভম্ব হয় যদিও পুৱা ঘৰৰ গৰাকী থানালৈ গৈ উপস্থিত হয়। তাত হে তেওঁৰ মুৰত আকাশী সৰগ ভাগি পৰে।

Apply Now

কাহিনী এইবাৰ ফ্লেছবেকত ১৯৪৫ চনলৈ গতি কৰে। কদমণি গাঁ‌ৱৰ দিগা চোৰৰ কাহিনীৰে গাওঁ তেতিয়া ৰৌজাল-বৌজাল। পিছে দিগা চোৰক কোনেও দেখা নেপাই,ধৰা পেলাবও নোৱাৰে। সেয়ে মানুহৰ মাজৰ এজন হৈ দিগা চোৰ ঘূৰি ফুৰে। সেই ১৯৪৫ৰ দিগা চোৰ আৰু ১৯৮৩ ৰ দিগা চোৰ আৰু দিগা চোৰৰ লগত সংপৃক্ত কিছু চৰিত্ৰক লৈ ছবিখনৰ কাহিনীভাগ আগবাঢ়ে।

কাহিনীভাগ অগতানুগতিক তথা ভিন্ন। মৃদু-মধুৰ হাস্যৰসৰ উপস্থাপনো কৰা হৈছে। ১৯৮৩ ৰ দিগা চোৰৰ কাহিনীলৈ আগমন ঘটা আন আন চৰিত্ৰৰ মাজতে এক প্ৰধান চৰিত্ৰ গোলাপী(হিমাংশু গগৈ)ৰ ভূমিকা ছবিখনৰ এক শক্তিশালী অংশ। গোলাই চোৰত এক অতি সংবেদনশীল প্ৰেম কাহিনীৰো উপস্থাপন কৰা হৈছে। ছবিখনত কাহিনী কথনো চলে মাজে-সময়ে। প্ৰথমাৰ্দ্ধত কাহিনী কিছু মন্থৰ গতিত আগুৱাই,এনে লাগে যেন পৰৱৰ্তী অংশত কি হ’বলৈ গৈ আছে তাৰ প্ৰতি আগ্ৰহ নজন্মিবই!পিছে দ্বিতীয়াৰ্ধত কাহিনীভাগে ইয়াৰ গহন অন্তৰ্ভাগলৈ গতি কৰে। অধিক উপভোগ্য হৈ পৰে ছবিখনৰ দ্বিতীয়াৰ্ধ। ছবিখনৰ আৱহ-সংগীত সম্পূৰ্ণ পৰিস্থিতি সাপেক্ষ। প্ৰয়াস শৰ্মা তামূলীৰ আলোকশিল্পৰ কাম প্ৰশংসনীয়। সম্পাদনাৰ দিশ কিছু দুৰ্বল।

এতিয়া আহিছো ছবিখনৰ অভিনয়ৰ দিশলৈ। অভিনয় শিল্পীসকল সকলোৱেই নিজ নিজ চৰিত্ৰত স্বাভাৱিক। কিন্তু প্ৰধানতঃ গোলাপীৰ চৰিত্ৰত অভিনয় কৰা হিমাংশু গগৈ আৰু দিগা চোৰৰ ভূমিকাত অভিনয় কৰা টনী দেউৰী বসুমতাৰীৰ অনবদ্য অভিনয়ৰ কথা বিশেষভাৱে উল্লেখ কৰিবই লাগিব। হিমাংশু গগৈ নিজ চৰিত্ৰৰ লগত ইমানেই বেছি সংপৃক্ত হৈ পৰিছে যে তেওঁৰ অভিনয়ে ছবিখনক আন এক মাত্ৰা প্ৰদান কৰিছে। মুঠতে এক কথাত ক’বলৈ গ’লে গোলাই চোৰ চাই আপুনি নিৰাশ নহয়।

লেখিকাৰ মেইল – [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd