NORTHEAST NOW (Assamese)

বানাক্ৰান্ত গুৱাহাটী! কৃত্ৰিম বানৰ কবলত গুৱাহাটীৰ কোনসমূহ অঞ্চল?

May 30, 2025 2:28 pm · এন ই নাও নিউজ, গুৱাহাটী

আকৌ গুৱাহাটীত কৃত্ৰিম বানৰ প্ৰকোপ। গুৱাহাটীত বাৰিষা হ’লেই এক সমস্যাত হৈছে গুৱাহাটীৰ কৃত্ৰিম বান।

নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বিগত দুদিন ধৰি কৃত্ৰিম বানত বুৰ গৈছে গুৱাহাটীৰ বিভিন্ন অঞ্চল।

গুৱাহাটীৰ বেলতলা ছাৰ্ভে, হাতীগাঁও, ছয়মাইল, পাঞ্জাবাৰী, সাতগাঁও, ৰুক্মিণীগাঁও, সিজুবাৰী, অনিল নগৰ, নবীন নগৰ, বি বৰুৱা ৰোড আজিও কৃত্ৰিম বানৰ প্ৰকোপত ডুব গৈ আছে।

গুৱাহাটীৰ ৰাজপথত একাঁঠু পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে। কৃত্ৰিম বানৰ পাছতে সমস্যাত পৰিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লোক। কৃত্ৰিম বানৰ পাছতে সমস্যাত পৰিছে মহানগৰৰ মহানাগৰিক।

Related News