• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশপ্ৰেমৰ নামত এই উন্মাদনা বন্ধ কৰক: অসম নাগৰিক সমাজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2025 1:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত শাসকীয় দলৰ শেহতীয়া ফেচীবাদী কামকাজ আৰু আচৰণৰ সন্দৰ্ভত অসমৰ বিৰোধী ৰাজনৈতক দল তথা নাগৰিক সমাজকে ধৰি সচেতন ৰাইজক ইয়াৰ বিৰুদ্ধে থিয় হ’বলৈ আহ্বান জনাই  অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে এক বিবৃতি প্ৰেৰণ কৰিছে। ইয়াত এই বিবৃতিটোৰ পূৰ্ণপাঠ হুবহু দাঙি ধৰা হ’ল-

‘অসমত এতিয়া  পাঠ্যপুথিত বৰ্ণোৱাৰ দৰে এক ফেচিবাদী প্ৰৱণতা আমি প্ৰত্যক্ষ কৰা নাইনে? ধৰ্মীয় সংখ্যালঘুৰ একাংশক বাংলাদেশী  বুলি অভিহিত কৰি আৰু কিমান দিনলৈ তেওঁলোকক অত্যাচাৰ আৰু অপমান কৰি থকা হ’ব? এনে এটা ধাৰণা দিব বিচৰা হয় যেন এই লোকসকলেই আমাৰ সকলো সমস্যাৰ কাৰক আৰু  আমাৰ অস্তিত্বৰ প্ৰতি ভাবুকি। বলিসকল কেনেকৈ বিজয়ী হ’ব পাৰে? বিকৃত যুক্তিৰ কি এক ধ্ৰুপদী উদাহৰণ?

Apply Now

বাংলাদেশী বিদেশীৰ পৰা মুক্তি পাবলৈ ছবছৰীয়া অসম আন্দোলন হৈছিল। তাৰ পিছত ৰাতিটোৰ ভিতৰতে আছুৰ পৰা হোৱা অগপই দহ বছৰ অসম শাসন কৰিলে। ইয়াৰ পিছত অসমত ১৫ বছৰ ধৰি কংগ্ৰেছৰ চৰকাৰ চলিল আৰু তেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়েই অসম চুক্তি ৰূপায়ণৰ দায়িত্বত আছিল।

তাৰ পাছত আহিল মোডীৰ সেই বিখ্যাত ঘোষণা: ১৬ মে’, ২০১৪ৰ ভিতৰত সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰি যাব লাগিব। এতিয়া যোৱা দহ বছৰ ধৰি ক্ষমতাত আছে বিজেপি। কিন্তু তেওঁলোকে একো নকৰিলে৷ বৰং ভাষিক সংখ্যালঘুৰ একাংশক নাগৰিকত্ব প্ৰদানৰ বাবে ‘কা’’ আনিলে।

যেতিয়াই এটা নিৰ্বাচন আহে, ধৰ্মীয় সংখ্যালঘুসকলক বলিৰ পঠা সজাই  সকলো অপযশ তেওঁলোকৰ ওপৰত জাপি দি সংখ্যাগৰিষ্ঠসকলৰ ভোট আদায় কৰিবলৈ বিচৰা হয়। ধৰ্মীয় সংখ্যালঘু লোসকলক ভাবুকি হিচাপে ব্যৱহাৰ কৰাটো বিজেপিৰ এটা চিৰাচৰিত ৰণকৌশল হৈ পৰিছে।

এতিয়া আৰু এখোপ আগুৱাই গৈ সাম্প্ৰদায়িক উত্তেজনা বিয়পাবলৈ খিলঞ্জীয়াৰ হাতত মাৰণাস্ত্ৰ তুলি দিয়াৰ কথা কোৱা হৈছে। কিন্তু আমি অসমৰ ক’ৰবাত গৃহযুদ্ধসদৃশ পৰিস্থিতি দেখা পাইছোঁ নেকি? তেন্তে কিয় এই সাম্প্ৰদায়িক ঘৃণাক প্ৰসাৰিত কৰি সাধাৰণ মানুহৰ মাজত উত্তেজনা সৃষ্টি কৰিবলৈ বিচৰা হৈছে?

আশাৰ কথা যে অ’ত ত’ত ঘটা দুই এটা সৰু-সুৰা ঘটনাৰ বাহিৰে সাধাৰণভাৱে অসমৰ জনসাধাৰণে ৰাজ্যৰ সকলো ঠাইতে নিজৰ মাজত শান্তি আৰু সৌহাৰ্দ্যৰ পৰিবেশ বজাই ৰাখিছে।

আমি বিৰোধী ৰাজনৈতিক দল আৰু নাগৰিক সমাজকে ধৰি শুভবুদ্ধিসম্পন্ন সকলো লোককে  শাসকীয় দলৰ এই কুৎসিৎ চক্ৰান্তক  গৰিহণা দিবলৈ আৰু ইয়াৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাওঁ।‘

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd