Flood in Assam: বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; চাৰিটা বন্যপ্ৰাণীৰ মৃত্যু
ফটো: নৰ্থইষ্ট নাও।
ৰাজ্যখনত চলি থকা প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ফেনে ফোটোকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭ শতাংশ অঞ্চল পানীত বুৰ গৈছে।
এতিয়ালৈকে ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ ১৪ টা বন শিবিৰ পানীৰ তলত ডুব গৈছে।
ইপিনে, পানী ক্ৰমাৎ বাঢ়ি থকাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ ন ন বন শিবিৰ প্লাবিত হোৱাৰ আশংকা কৰা হৈছে।
কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ চাৰিটাকৈ বন শিবিৰ পানীয়ে প্লাবিত কৰিছে।
আনহাতে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে মুঠ চাৰিটাকৈ বন্যপ্ৰাণীৰ প্ৰাণ হানি হৈছে। তিনিটা পহুৰ আৰু এটা বাঘে প্ৰাণ এইদৰে প্ৰাণ হেৰুৱাইছে।