NORTHEAST NOW (Assamese)

Flood in Tamulpur বানৰ কৱলত তামুলপুৰৰ বিস্তীৰ্ণ এলেকা, ব্যাপক ক্ষয়-ক্ষতি

June 15, 2022 2:50 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ
Updated: June 15, 2022 2:51 pm

আজি কেবাদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত যোৱা নিশাৰে পৰাই তামুলপুৰ জিলাৰ কেবা ঠাইতো সৃষ্টি হৈছে প্ৰৱল বানপানী ।

বৰষুণৰ পানীৰ লগতে বৰলীয়া, পাগলাদিয়া, মটঙা আদি নদীৰ বাঢ়নী পানীয়ে ডুবাই পেলাইছে তামুলপুৰ জিলাৰ বিভিন্ন অঞ্চল।

বৰলীয়া নদীৰ বাঢ়নী পানীয়ে তামুলপুৰৰ কেকেৰীকুছি, দ্বাৰকুছি, বড়োলেণ্ড চক আদি অঞ্চলৰ বাটপথ সমূহ বুৰাই পেলাইছে।

ঠায়ে ঠায়ে একাঠু- এক ককাল পানী পৰ্যন্ত হৈছে ৷

মানুহৰ ঘৰ দুৱাৰ পানীৰ তলত ডুব গৈছে।

জনসাধাৰণৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে বানপানীৰ ফলত । পশুধনৰ প্ৰতিও সৃষ্টি হৈছে প্ৰচণ্ড ভাবুকি।

খেতি পথাৰৰ কঠিয়াতলী সমূহ পানীত বুৰ যোৱাত কৃষক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

বানাক্ৰান্তৰ ওচৰত থিয় দিছে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আৰু পৰিস্থিতিৰ বুজ লৈছে বিধায়ক গৰাকীয়ে।

Related News