• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জোনাইত অধিক শোচনীয় বান পৰিস্থিতি, বিপদসীমাৰ ওপৰত চিয়াং, ব্ৰহ্মপুত্ৰ

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
July 11, 2020 9:40 pm
Flood situation worsens in Dhemaji's Jonai

আকাশমাৰ্গৰ পৰা লোৱা চলিত বানৰ ছবি।

280
VIEWS
Share on FacebookShare on Twitter

ধেমাজি জিলাৰ আটাইতকৈ পূব প্ৰান্তৰ জোনাই মহকুমাত শুকুৰবাৰে বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে।

চিয়াং, লালি আৰু ব্ৰহ্মপুত্ৰৰ বানপানীয়ে মহকুমাটোৰ নতুন নতুন অঞ্চল বুৰাই পেলাইছে।

জোনাইৰ চক্ৰ বিষয়া চুমবৰ চুতীয়াই জনোৱা মতে চক্ৰটোৰ ২২৮খন গাঁৱৰ ৮০হাজাৰ লোক চলিত বানত ক্ষতিগ্ৰস্ত হৈছে। এই সংখ্যা কাইলৈলৈ অধিক বৃদ্ধি পাব পাৰে।

খবৰ মতে, বেৰাচাপৰি, বিজয়পুৰ, গালি, বৰং, ৰামধন আৰু মিছামৰাত নৈৰ কোবাল সোঁতে গাঁৱলীয়া পথ আৰু দলং উটুৱাই নিছে।

বাহিৰ-জোনাই অঞ্চলৰ বেৰা বেংগলিত নৈৰ মথাউৰি পানীত বুৰ গৈছে। মথাউৰিটোত আশ্ৰয় লৈ থকা প্ৰায় ১৩০গৰাকী লোকক এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানে উদ্ধাৰ কৰিছে।

তাৰোপৰি ৫০০তকৈ অধিক পৰিয়ালে গালি মেচাকিত ওখ ঠাইত আশ্ৰয় লৈ আছে। লামাজানত আশ্ৰয় লৈ আছে ৩০টা পৰিয়ালে।

মহকুমা প্ৰশাসনে বিভিন্ন ঠাইত চাৰিটা আশ্ৰয় শিৱিৰ মুকলি কৰিছে আৰু ১০০টাতকৈ অধিক পৰিয়ালে ইয়াত আশ্ৰয় লৈছে।

জোনাইত উদ্ধাৰ অভিযানত ৰবৰৰ নাৱত এটা ১৭জনীয়া এন ডি আৰ এফ আৰু ১২জনীয়া এছ ডি আৰ এফ বাহিনীক নিয়োগ কৰা হৈছে।

ইয়াৰ উপৰি সাহায্য অভিযানৰ বাবে তিনিখন মেচিন নাও অধিগ্ৰহণ কৰিছে।

পৰিস্থিতিৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে জোনাই মহকুমাত উদ্ধাৰ অভিযান চলোৱাৰ বাবে সেনাৰ সহায় বিচাৰি যোগাযোগ কৰিছে।

অঞ্চলটোৰ বতৰ অপৰিৱৰ্তিত হৈ আছে। চিয়াং আৰু ব্ৰহ্মপুত্ৰ নৈ অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু নামনিৰ চিচিবৰগাঁৱত বিপদসীমাৰ ওপৰেৰে বৈ আছে।

জিলা দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য মতে ধেমাজি আৰু চিচিবৰগাওঁ ৰাজহ চক্ৰৰ বান পৰিস্থিতি স্থিৰ হৈ আছে। চক্ৰ দুটাত ১২৪খন গাঁৱৰ ৫২হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

চলিত তৃতীয়টো বানত এতিয়ালৈকে জিলাখনৰ ১.৩ লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd