• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লতাশিলত বিপুল জনতাৰ সংকল্প : বিজেপিৰ বিপৰীত মতাদৰ্শৰ হাতত ধৰি আগ বাঢ়িব আন্দোলন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 12, 2019 2:44 pm
Latasil Protest

১২ ডিচেম্বৰত লতাশিলৰ দৃশ্য। ফটোৰ উৎস : ইণ্টাৰনেট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা আৰু শিল্পী জুবিন গাৰ্গৰ আহ্বানত আজি গুৱাহাটীৰ লতাশিল খেলপথাৰত হাজাৰ হাজাৰ জনতাই সমবেত হৈ নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱালৰ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে আন্দোলন আগুৱাই নিয়াৰ সংকল্প লৈছে।

আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই বিজেপিৰ বিপৰীত মতাদৰ্শ, মহাত্মা গান্ধীৰ অহিংসাৰ পন্থাক আন্দোলনটোৰ চালিকা শক্তি কৰাৰ কথা ঘোষণা কৰি কয়, “আমি অহিংসা আৰু শৃংখলাবদ্ধতাৰে আন্দোলন কৰি যাম”।

Apply Now

লতাশিলত সমবেত হ’বলৈ বিভিন্ন দিশৰ পৰা আহি থকা প্ৰতিবাদকাৰীক বাধা দিবলৈ নিৰাপত্তাৰক্ষীয়ে কৰা সকলো চেষ্টা ওফৰাই হাজাৰ হাজাল লোক লতাশিল খেলপথাৰত উপস্থিত হয়।

প্ৰতিবাদকাৰীসকলক সম্বোধন কৰি সমুজ্জ্বল ভট্টাচাৰ্য্যৰ মন্তব্য, “নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজক চূড়ান্ত বিশ্বাসঘাতকতা কৰিলে। সোণোৱালক অসমৰ ৰাইজে ভোট দিছিল, কিন্তু তেওঁ এতিয়া অসমৰ ৰাইজক চূড়ান্ত বিশ্বাসঘাতকতা কৰিছে।”

চৰকাৰ আৰু নিৰাপত্তাৰক্ষীৰ বাধাক প্ৰত্যাহ্বান জনাই তেওঁ কয়, “লক্ষ্মীনাথ বেজবৰুৱাই এই লতাশিল খেলপথাৰতে এশ বছৰ পূৰ্বে ছাত্ৰ সংগঠনৰ জন্ম দিছিল। এই খেলপথাৰখন সোণোৱালৰ পৈতৃক সম্পত্তি নহয়”।

প্ৰতিবাদস্থলীতে ভট্টাচাৰ্য্যৰ ঘোষণা, ছাত্ৰ সন্থাই অতি শীঘ্ৰে উচ্চতম ন্যায়ালয়ত বিধেয়কখনৰ বিৰুদ্ধে গোচৰ তৰিব।

ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ এটা দলে “আছু”ৱে দিবলগীয়া আৱেদনৰ বাবে কাম আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ইফালে উত্তৰ-পূব ছাত্ৰ সন্থা চমুকৈ নেছ’ই ১১ ডিচেম্বৰৰ দিনটো সমগ্ৰ উত্তৰ-পূবতে ‘ক’লা দিন’ হিচাপে পালন কৰি যোৱাৰ সিদ্ধান্ত লয়। আছুৰ সমান্তৰালকৈ নেছ”ৱেও উচ্চতম ন্যায়লয়ত গোচৰ তৰিব।

শিল্পী জুবিন গাৰ্গে সৰ্বা, হিমন্তক পুলিচ-সেনা এৰি প্ৰতিবাদস্থলীলৈ আহিবলৈ প্ৰত্যাহ্বান জনায়। তেওঁ কয়, “শিল্পীয়ে মানুহৰ বাবে কাম কৰে। নেতা সকল মানুহৰ বাবে নহয়। মানুহৰ কথা নুশুনিলে তেওঁলোক টিকি থাকিব নোৱাৰিব”।

সৰ্বানন্দ সোণোৱাল কেনেকৈ মুখ্য মন্ত্ৰী হৈ আছে বুলি প্ৰশ্ন কৰে শিল্পীগৰাকীয়ে।

প্ৰতিবাদস্থলীত উপস্থিত থকা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয়, “আমি গণতন্ত্ৰৰ প্ৰতি আস্থা হেৰুৱাই সশস্ত্ৰ সংগ্ৰামৰ পথ লৈছিলো। কিন্তু পাছত পুনৰ গণতন্ত্ৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি ঘূৰি আহিছিলো। কিন্তু এতিয়া গণতন্ত্ৰৰ প্ৰতি আস্থা ৰাখিম নে নাৰাখিম সেইটো আমি চিন্তা কৰিব লগীয়া হৈছে। গণতন্ত্ৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি আমি ভুল কৰিলো নেকি তেনেকুৱা এটা ভাব আহিছে।”

আছুৱে ১৩ ডিচেম্বৰত চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত ৰাতিপুৱা ৬ বজাৰ পৰা গণ অনশন কাৰ্যসূচীৰ ঘোষণা কৰিছে আৰু তাত ভাগ ল’বলৈ সকলোকে আহ্বান জনাইছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অমৰ জ্যোতি চৌধুৰীও আজি প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকি কয়, “মই ৰাইজৰ লগত আহিছো, যদি এয়া আইন অমান্য হয় তেন্তে মই মোৰ চাকৰিৰ পৰা পদত্যাগ কৰিবলৈ সাজু আছো।”

প্ৰতিবাদস্থলীত জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, শিল্পী মানস ৰবীনৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত আছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd