NORTHEAST NOW (Assamese)

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

March 2, 2021 6:15 pm · এন ই নাও নিউজ
Updated: March 2, 2021 6:17 pm

পোষ্টেল বেলট সন্দৰ্ভত আজি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত নীতিন খাড়েই জনতা ভৱনত  এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে তিনিটা বিশেষ পৰ্যায়ৰ লোকৰ ক্ষেত্ৰত এইবাৰ পোষ্টেল বেলটৰ সুবিধা থাকিব। সেই অনুসৰি ৮০ বছৰৰ উৰ্ধৰ লোকৰ বাবে পোষ্টেল বেলটৰ সুবিধা প্ৰদান কৰা হ’ব।

একেদৰে কোভিড-১৯ত আক্ৰান্ত  লোককো এই সুবিধা দিয়া হ’ব। তেওঁ লগতে কয় যে বিশেষভাৱে সক্ষম লোকসকলেও  পোষ্টেল বেলটৰ জৰিয়তে ভোট দিয়াৰ সুবিধা  লাভ কৰিব।

পোষ্টেল বেলটৰ সমগ্ৰ প্ৰক্ৰিয়াটো সংশ্লিষ্ট  জিলা নিৰ্বাচনী বিষয়া ই তদাৰক কৰিব।চৰকাৰী  কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ এই সুবিধাৰ বিষয়ে মানুহক  অৱগত কৰি আছে বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

নিৰ্বাচন আয়োগে পোষ্টেল বেলট সন্দৰ্ভত তথ্য প্ৰদান কৰিবলৈ টোলফ্ৰী নম্বৰ ১৯৫০ মুকলি কৰিছে।

তেওঁ লগতে কয় যে প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে  ৬ মাৰ্চৰ পূৰ্বে পোষ্টেল বেলটৰ সুবিধা লাভ কৰিবলৈ আবেদন জমা দিব লাগিব।

এই ক্ষেত্ৰত এই সুবিধা গ্ৰহণ কৰিব বিচৰা সকলে সংশ্লিষ্ট বিএলঅ’ৰ সৈতে যোগাযোগ কৰিব পাৰিব।উল্লেখ্য  অসমত ৮০ উৰ্ধৰ ২ লাখ ৯০ হাজাৰ ২৩৮ গৰাকী ভোটাৰ আছে।

একেদৰে বিশেষ ভাৱে সক্ষম  ভোটাৰৰ সংখ্যা হৈছে ১ লাখ ৩৩ হাজাৰ ৭৮৯ গৰাকী ।

পোষ্টেল বেলেট জমা দিয়াৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে  ২৬ মাৰ্চ।

ৰাজ্যিক নিৰ্বাচন আয়ুক্ত গৰাকীয়ে লগতে কয় যে যিসকলে পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব তেওঁলোকে পুনৰ ভোটকেন্দ্ৰলৈ গৈ ভোট দিব নোৱাৰিব।

Related News