• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

RTI কৰ্মী দুলাল বৰাৰ স্বীকাৰোক্তিয়ে বন বিষয়ালৈ আনিছে বিপদ; কেইবাজনেও লৈছে জামিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 29, 2020 8:10 am

2 min read

DulalBora

দুলাল বৰাৰ ফাইল ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

বন বিভাগৰ দুৰ্নীতিক লক্ষ্য কৰি লোৱা আৰ টি আই কৰ্মী দুলাল বৰাই চি আই ডিক দিয়া স্বীকাৰোক্তিয়ে বিভাগটোৰ বহুকেইজন দুৰ্নীতিগ্ৰস্ত বিষয়ালৈ বিপদ কঢ়িয়াই আনিছে।

এটা সূত্ৰৰ পৰা জানিব পৰা মতে, কেইবাজনো এনে দুৰ্নীতিগ্ৰস্ত বিষয়াই ইতিমধ্যে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অন্তৰ্ৱৰ্তী জামিন লৈছে আৰু আন কেইবাজনেও গ্ৰেপ্তাৰ হোৱাৰ শংকাত দিন পাৰ কৰিছে।

তদন্তকাৰী সংস্থা চি আই ডিয়ে ইতিমধ্যে বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত এজন দুৰ্নীতিগ্ৰস্ত বিষয়া ডেপুটি ৰেঞ্জাৰ ইকবাল আনোৱাৰক গ্ৰেপ্তাৰ কৰিছে।

আকৌ ইকবাল আনোৱাৰেও আন কেইবাজন বিষয়া দুৰ্নীতিত জড়িত থকা নাম সৈ কাঢ়িছে। ইয়াৰ ভিতৰত বন বিষয়া পংকজ কলিতা আৰু মুনীন বৰ্মনে ইতিমধ্যে জামিন ল’বলৈ সক্ষম হৈছে। ফলত দুয়োজনৰ ঘৰত চি আই ডিয়ে অভিযান চলায় যদিও তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে।

উল্লেখ কৰিব পাৰি যে তথ্য জনাৰ অধিকাৰ আইনখনৰ অপব্যৱহাৰেৰে বিভিন্নজনক ব্লেকমেইলিং কৰাৰ অভিযোগত বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাক ৭ ডিচেম্বৰত মহানগৰৰ হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

তাৰ পিছতে একাধিক বন বিষয়াৰ অভিযোগৰ ভিত্তিত ১১ জানুৱাৰিত বৰাক চি আই ডিয়ে নিজৰ জিম্মাত লয়।

বৰাৰ বাসগৃহত অভিযান চলাই চি আই ডিয়ে প্ৰায় ৩৫ লাখ টকা মূল্যৰ এখন গাড়ীৰ লগতে বহুতো আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছিল।

জানিব পৰা মতে বন বিভাগৰ বহুতো দুৰ্নীতিগ্ৰস্ত বিষয়াক ব্লেক মেইলিং কৰি দীৰ্ঘদিনৰ পৰা বৰাই নিয়মীয়াকৈ মোটা অংকৰ ধন আদায় কৰি আহিছিল।

চি আই ডিয়ে ৩১ জানুৱাৰিত বৰাৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰাৰ কথা।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd