NORTHEAST NOW (Assamese)

জাতীয় অভিৱৰ্তনতে অসম জাতীয় পৰিষদত যোগদান কৰিব লুৰীণজ্যোতি গগৈয়ে

December 14, 2020 12:10 pm · কল্পজ্যোতি শইকীয়া
লুৰীণজ্যোতি গগৈ।

অসম জাতীয় পৰিষদত যোগদান কৰিব আছুৰ প্ৰাক্তন নেতা লুৰীণজ্যোতি গগৈয়ে।

আজি হোটেল প্ৰাগ কণ্টিনেণ্টেলত এক সংবাদমেল সম্বোধন কৰি এই কথা জনায় আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে।

অহা ১৬, ১৭ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া AJP ৰ জাতীয় অভিৱৰ্তনতে গগৈয়ে যোগদান কৰিব বুলি তেওঁ জনায়।

অসমৰ চুকে কোণে গৈ বুজি পোৱা ৰাইজৰ আবেগ আৰু বিকল্পবিহীন পৰিস্থিতি দেখিয়েই জাতীয়তাবাদী শিবিৰত থকাৰ মানসৰে AJP ত যোগদান কৰে বুলি তেওঁ সদৰী কৰে।

“ৰাইজে জাতীয়তাবাদী শক্তি এটাৰ উত্থান বিচাৰিছে। সেয়েহে ছাত্ৰসন্থাৰ জাতীয় দৃষ্টিভংগী আৰু দৰ্শনৰ লগত মিল থকা বাবেই AJP ত যোগদানৰ সিদ্ধান্ত ললোঁ।” লুৰীণে এইদৰে কয়।

ইপিনে “২০২১ ত জাতীয়তাবাদী শিবিৰে চৰকাৰ বনোৱাটো নিশ্চিত” বুলি উল্লেখ কৰি লুৰীণে লগতে কয়, “বিজেপিৰ ধনবল, বাহুবলত মানুহে এইবাৰ ভয় নকৰে ৰাইজে এইবাৰ জাতীয়তাবাদী শিবিৰৰ চৰকাৰ বনোৱাত নিশ্চয়কৈ সহায় কৰিব।”

Related News