পঞ্চভূতত বিলীন হ’ল অশ্বিনী কুমাৰ চেতিয়া

Former AATASU advisor, BJP leader Aswini Chetia passes away

আজি পঞ্চভূতত বলীন হ’ল উজনি অসমৰ এক সংগ্ৰামী সত্ত্বা আটাছুৰ প্ৰাক্তন মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়া।

শিৱসাগৰৰ হাঁহচৰাৰ ন-পাম চেতিয়া গাঁৱত আজি শেষকৃত্য সম্পন্ন কৰা হয় অশ্বিনী কুমাৰ চেতিয়াৰ।

অসমীয়া আৰু আহোম জনগোষ্ঠীক সন্মুখৰ পৰা নেতৃত্ব দিয়া টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াৰ বৃহস্পতিবাৰে নিশা ১১ বাজি ১৫ মিনিটত গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিং হোমত মৃত্যু হৈছিল।

বিগত এটা বছৰে এক জটিল ৰোগৰ সৈতে যুঁজ দি থকা অসমৰ এক সংগ্ৰামী সত্তা অশ্বিনী চেতিয়াই বৃহস্পতিবাৰে নিশা নিয়তিৰ ওচৰত হাৰ মানিলে।

তেওঁৰ মৃত্যুত আজি শোকস্তব্ধ হৈ পৰে শিৱসাগৰৰ লগতে হাঁহচৰাবাসী।

১৯৯৬ চনৰ পৰা ২০১৯ চনলৈ আটাছুৰ মজিয়াত থাকি উজনি অসমৰ এক শক্তিশালী কন্ঠস্বৰ হিচাপে পৰিগণিত হৈছিল অশ্বিনী চেতিয়া।

বহুকেইটা আন্দোলনক তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিছিল।

শিৱসাগৰৰ হাঁহচৰা ন-পাম চেতিয়া গাঁৱত ১৯৭১ চনত জন্ম গ্ৰহণ কৰা অশ্বিনী চেতিয়াই ১৯৯৬ চনত আটাছুত যোগদান কৰিছিল।

১৯৯৮ চনত আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দায়িত্ব গ্ৰহণ কৰা নেতাজনে ২০০১ চনৰ পৰা ২০০৩ চন পৰ্যন্ত আটাছুৰ কেন্দ্ৰীয় সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০০৪ চনত শদিয়া অধিৱেশনত তেওঁক সংগঠনটোৰ সভাপতিৰ দায়িত্ব দিয়া হয় আৰু ২০১০ চনত অশ্বিনী চেতিয়াই সভাপতিৰ পদ ত্যাগ কৰি আটাছুৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব লয়।

২০১৬ চনৰ বিধান সভা নিৰ্বাচনত ১০৮নং শিৱসাগৰ সমষ্টিৰ পৰা অসম সংগ্ৰামী মঞ্চৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও তেওঁ নিৰ্বাচনত পৰাজিত হয়।

২০১৯ চনত তেওঁ বিজেপি দলত যোগদান কৰাত আটাছুৰ মুখ্য উপদেষ্টাৰ পদ ত্যাগ কৰিছিল সংগ্ৰামী নেতাজনে।

অশ্বিনী চেতিয়াৰ সবল নেতৃত্বত আটাছুৱে আজিৰ সময়ত উপনীত হ’লহি। তেওঁৰ এটা আহ্বানত ওলাই আহিছিল হাজাৰ হাজাৰ যুৱক। সকলোৰে মৰমৰ ‘অশ্বিনী দা’ ক আজি হঠাৎ হেৰুৱাই শোকত ভাগি পৰে আটাছুৰ সদস্যসকল।

আজি পুৱা তেওঁৰ নশ্বৰ দেহ গৃহ জিলা শিৱসাগৰৈ অহা হয়। ঐতিহাসিক ৰংঘৰ বাকৰিৰ সন্মুখত আহোম সেনা, ঐক্য সেনাকে ধৰি বহু দল সংগঠনে শ্ৰদ্ধাঞ্জলি জনায়।

ইয়াৰ পাছতেই শিৱসাগৰৰ শিৱদ’লৰ সন্মুখত বিভিন্ন দল সংগঠনৰ লগতে অজস্ৰ জনে শেষ শ্ৰদ্ধাঞ্জলি জনায় প্ৰিয় নেতা জনক।

ইয়াৰ পাছতেই তেওঁ নশ্বৰ দেহ হাঁহচৰাৰ ন-পাম চেতিয়া গাঁৱলৈ নিয়া হয় আৰু তাতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

শেষকৃত্য অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, জিলা সভানেত্ৰী সুৰভি ৰাজকুমাৰীকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।