NORTHEAST NOW (Assamese)

প্ৰাক্তন এবছু নেতা ৰাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যু

June 2, 2019 7:04 pm · এন ই নাও নিউজ
ৰাজেন্দ্ৰ নাৰ্জাৰী

বি টি চিৰ প্ৰাক্তন এম চি এল এ ৰাজেন্দ্ৰ নাৰ্জাৰীৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁ চৰাইবিল সমষ্টিৰ পৰা বি টি চি পৰিষদলৈ নিৰ্বাচিত হৈছিল।

ইয়াৰ উপৰি তেওঁ সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ গোসাঁইগাঁও শাখাৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল।

জানিব পৰা মতে নাৰ্জাৰী বিগত কেইবা দিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰৰ উপৰি অজস্র গুণমুগ্ধ এৰি থৈ যায়।

ইফালে মৃত্যুৰ পিছতে নাৰ্জাৰীৰ মৃতদেহ নিজ বাসগৃহ গোসাঁইগাঁৱলৈ লৈ অনাত অঞ্চলটোত এক শোকাকূল পৰিৱেশে বিৰাজ কৰে।

প্ৰাক্তন এবছু নেতা গৰাকীৰ অন্তিম সৎকাৰ কাইলৈ অৰ্থাৎ সোমবাৰে সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।

Related News