বজালী দুৰ্নীতিৰ গোচৰৰ সৈতে জড়িত প্ৰাক্তন সহকাৰী আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালক শনিবাৰে গুৱাহাটীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
গ্ৰেপ্তাৰৰ পিছতে নিশাই গায়ত্ৰী সোণোৱাল আৰু তেওঁৰ স্বামী ববি সিং শৰ্মা দুয়োৰে স্বাস্থ্য পৰীক্ষা কৰা হয়।
ইয়াৰ পাছতে গায়ত্ৰী সোণোৱালক নিশা পান বজাৰৰ মহিলা আৰক্ষী থানাত ৰখাৰ বিপৰীতে স্বামী ববী সিং শৰ্মাক অপৰাধ অনুসন্ধান বিভাগৰ মুখ্য কাৰ্যালয়ত ৰখা হয়।
উৎকোচৰ অভিযোগত যোৱা ১ ছেপ্টেম্বৰত চি আই ডিয়ে বজালী আৰক্ষীৰ পাঁচজন আৰক্ষী বিষয়া আৰু দুজন চালককে ধৰি ৭জন লোকক আটক কৰিছিল । গ্ৰেপ্তাৰ হোৱা বিষয়াকেইজন হ’ল উপ আৰক্ষী অধীক্ষক পুস্কল গগৈ, উপপৰিদৰ্শক অনুপ জ্যোতি পাতিৰি, দেবাজিত গিৰি, সহকাৰী উপপৰিদৰ্শক শশাংক দাস, কনিষ্ঠবল ইনজামুল হাসান আৰু দুই চালক ক্ৰমে দীপজয় ৰয় নবীৰ আহমেদ। এজন চুপাৰী ব্যৱসায়ীয়ে দাখিল কৰা অভিযোগৰ পিছতেই আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।
উল্লেখযোগ্য যে ধন দাবীৰ অভিযোগ পোৱাৰ পিছত আগষ্ট মাহৰ প্ৰথম সপ্তাহত ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ে তদন্ত আৰম্ভ কৰিছিল। সেই ভিত্তিত ৩১ আগষ্টত অপৰাধমূলক গোচৰ ৰুজু হৈছিল।
বৰ্তমান এই অভিযোগৰ ওপৰত অধিক তদন্ত অব্যাহত ৰাখিছে অপৰাধ অনুসন্ধান বিভাগে।