সোমবাৰে অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা মন্ত্ৰী আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰণৱ কুমাৰ গগৈৰ ৮৪ বছৰ বয়সত দেহাৱসান হয়।
সোমবাৰে নিশা প্ৰায় ১০.৪০ বজাত গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত মৃত্যু হয় প্ৰণৱ কুমাৰ গগৈৰ।
বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল শিৱসাগৰ সমষ্টিৰ বিধায়কজন। সোমবাৰে দুপৰীয়া চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল।
উল্লেখ্য যে ২০০১ চনৰ পৰা শিৱসাগৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰহৈ একেৰাহে চাৰিবাৰ বিধায়ক হৈ আছিল প্ৰণৱ কুমাৰ গগৈ।
২০০৬ চনত তৰুণ গগৈৰ মন্ত্ৰীসভাত আইন আৰু হস্ততাঁত বস্তশিল্প, ৰেচন বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ লগতে ২০১১ চনৰ পৰা ২০১৬ চনলৈকে অসম বিধান সভাৰ অধ্যক্ষ আছিল।
পৰৱৰ্তী সময়ত ২০১৬ চনত শিৱসাগৰ সমষ্টিৰ পৰা তেওঁ পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় ।
প্ৰণৱ কুমাৰ গগৈ জন্ম হয় ১৯৩৬ চনৰ ১৯ আগষ্টত। তেখেতৰ পিতৃ প্ৰয়াত গিৰীন্দ্ৰ নাথ গগৈ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। মাতৃৰ নাম আছিল হিৰণ্যলতা গগৈ।
প্ৰণৱ কুমাৰ গগৈৰ বৰ্তমানৰ ঘৰ শিৱসাগৰ চহৰৰ ৰেডক্ৰচ ৰোডত আছিল যদিও তেওঁৰ পিতৃৰ বাসগৃহ শিৱসাগৰ চহৰৰ সমীপৰ কুঁজিবালি হাঁহচৰাৰ মৰাণ গাঁৱত আছিল।
প্ৰণৱ কুমাৰ গগৈৰ শিক্ষাগত অৰ্হতা বি এ, এল এল বি আছিল। পেচাত তেওঁ এজন অধিবক্তা আছিল।
১৯৬৪ ৰ পৰা ৬৮ চনলৈকে তেওঁ শিৱসাগৰ জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিল। ১৯৬৮ চনৰ পৰা ৭২ চনলৈকে তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য হোৱাৰ লগতে এআইচিচিৰ সদস্য আৰু এপিচিচি ৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
পৰৱৰ্তী সময়ত ১৯৮৬ চনৰ পৰা ১৯৯১ চনলৈ শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি আৰু ১৯৮৭ চনৰ পৰা ১৯৯১ চনলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছিল।
ইয়াৰো পৰি তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৮ চনলৈ শিৱসাগৰ জিলা স্পৰ্টিং এচ’চিয়েছনৰ সভাপতি, ১৯৭৪ চনৰ পৰা ১৯৭৮ চনলৈ এডমিনিষ্টিটিড ৰিফ্ৰমৰ কমিচনৰ সদস্য, ১৯৮৪ চনৰ পৰা ১৯৮৫ চনলৈ এ এচ ই বিৰ সদস্য, আই এন টি ইউ চি ৰ উপ সভাপতিৰ, ১৯৭৭ চনৰ পৰা অ’এনজিচিৰ পূৰ্বাঞ্চল এম্প’ই এচ’চিয়েছনৰ সভাপতিৰ লগতে ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ শিৱসাগৰ উকীল সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০০১ চনত প্ৰথমবাৰৰ বাবে ১০৮ নং বিধান সভাৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০০১ চনৰ পৰা ২০১৬ চনলৈকে একেৰাহে চাৰিবাৰ বিধায়ক হৈ আছিল প্ৰণৱ কুমাৰ গগৈ।
মৃত্যুৰ সময়ত প্ৰণৱ কুমাৰ গগৈয়ে পত্নী মোহিনী গগৈ, তিনি পুত্ৰ ক্ৰমে মঞ্জীৰ গগৈ, সমীৰ গগৈ, প্ৰমীৰ গগৈৰ লগতে বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে।
তেখেতৰ মৃত্যুত সমগ্ৰ শিৱসাগৰবাসীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰিছে।