• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ কোভিড-১৯ প’জিটিভ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 26, 2020 11:58 am

2 min read

Tarun Gogoi

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাত আক্ৰান্ত হৈছে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

টুইটাৰযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে নিজে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি প্ৰকাশ কৰে।

‘‘কালি মই কোভিড-১৯ প’জিটিভ হিচাপে চিহ্নিত হৈছো। বিগত সময়ছোৱাত যিসকল লোক মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকে ক’ৰ’না পৰীক্ষা কৰা উচিত,’’ তৰুণ গগৈয়ে এইদৰে টুইট কৰে।

বিগত সময়ছোৱাত তৰুণ গগৈয়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছিল আৰু সেই সময়তে তেওঁ কোনোবা ক’ৰ’না সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ অহা বুলি সন্দেহ কৰা হৈছে।

তৰুণ গগৈ চাৰিদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল যাৰবাবে তেওঁ এইকেইদিন কোনো সভা সমিতিত অংশগ্ৰহণ কৰিব পৰা নাছিল।

কিছুদিন পূৰ্বে গগৈয়ে অজন্তা নেওগৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিছিল। অজন্তা নেওগৰ কোভিড ফলাফল প’জিটিভ অহাত তৰুণ গগৈয়ে সন্দেহবশত কোভিড টেষ্ট কৰোৱাত নিশা ফলাফল প’জিটিভ আহে।

তৰুণ গগৈ কোভিড প’জিটিভ হলেও তেওঁৰ পত্নী ডলি গগৈৰ ফলাফল নিগেটিভ আহে।

তৰুণ গগৈৰ শৰীৰত বৰ্তমান সময়ত জ্বৰ নাই আৰু নিজ গৃহতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ আইছ’লেশ্যনত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, মঙলবাৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

অজন্তা নেওগক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

তাছাকো যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd