শান্ত মহন্ত, ক’লে ‘কঠিন’ হ’ব নিৰ্বাচনী যুঁজ

অতুল-কেশৱৰ সৈতে গুৱাহাটীত ৰুদ্ধদ্বাৰ বৈঠকৰ পিছতে সংবাদ মাধ্যমত মন্তব্য

Former Assam CM Mahanta keeps his cool, says coming electoral fight will be tough for AGP

ফাইল ফটো- প্ৰফুল্ল মহন্ত।

অগপ-বিজেপিৰ মিত্ৰতাৰ সিদ্ধান্তত অসন্তুষ্ট হৈ দলত মুকলি বিদ্ৰোহ কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাষ চাপিল অগপৰ সভাপতি আৰু কাৰ্য্যকৰী সভাপতি।

সোমবাৰে দিচপুৰত বিধায়ক উৎপল দত্তৰ আৱাসত অতুল বৰা আৰু কেশৱ মহন্তই সাক্ষাৎ কৰিলে দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক। বিজেপিৰে পুনৰ মিত্ৰতাৰ সম্পূৰ্ণ বিৰোধিতা কৰি বিষোদগাৰ প্ৰকাশ কৰাৰ পাছত দলৰ সভাপতি আৰু কাৰ্য্যকৰী সভাপতিয়ে হঠাৎ মহন্তক সাক্ষাৎ কৰিবলৈ অহা বিষয়টোৱে এতিয়া তাৎপৰ্য্য বহন কৰিছে।

মিত্ৰতাৰ পাছতেই প্ৰফুল্ল কুমাৰ মহন্তই নিজেই দলৰ শীৰ্ষ নেতৃত্বই তেওঁক অন্ধকাৰত ৰাখি এই সিদ্ধান্ত লোৱা বুলি নগাওঁ আৰু গুৱাহাটীত সংবাদ মেল পাতি প্ৰকাশ কৰিছিল।

মহন্তৰ এই বিস্ফোৰণৰ পাছত মঙলবাৰে অতুল বৰা আৰু কেশৱ মহন্তই দীৰ্ঘ সময়ৰ বাবে তেওঁৰ সৈতে আলোচনাত মিলিত হ’বলৈ বাধ্য হৈ পৰিল।

এই দীঘলীয়া আলোচনাৰ পাছত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকী কিছু ক্ষান্ত হোৱা পৰিলক্ষিত হ’ল। তেওঁ লগতে মিত্ৰতা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্যও প্ৰকাশ কৰে।

‘মিত্ৰতা সন্দৰ্ভত অধিক আলোচনাৰ প্ৰয়োজন আছে। তৃণমূল কৰ্মীৰ আৱেগ-অনুভূতিক বিবেচনা কৰাৰ প্ৰয়োজন আছে।’, প্ৰফুল্ল কুমাৰ মহন্তই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

বিজেপিৰে দলৰ নেতৃত্বই কৰা মিত্ৰতাৰ সিদ্ধান্ত ক্ষুণ্ণ হৈ মহন্তই আগন্তুক নিৰ্বাচনত কাৰোৰে হৈ প্ৰচাৰ নচলায় বুলিও কৈছিল। কিন্তু আজি তেওঁ এই আলোচনাৰ পাছত ‘তিনিওটা সমষ্টিত যুঁজ অত্যন্ত কঠিন হ’ব’ বুলি মন্তব্য কৰে।

মহন্তই লগতে দলৰ পৰা আঁতৰি যোৱাসকলকো উভতি আহিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, ১২ মাৰ্চৰ মাজনিশা গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত দুমাহ পূৰ্বে বিজেপিৰ সংগ ত্যাগ কৰা অগপৰ নেতৃত্বই পুনৰ মিত্ৰতাত আবদ্ধ হোৱাত আঞ্চলিক দলটোত চৰম বিশৃংখলতাই দেখা দিছিল। দলটোত মহন্তৰ সমান্তৰালকৈ দলৰ বহু নেতা-কৰ্মীয়ে নেতৃত্বৰ এই সিদ্ধান্ত মানি ল’ব পৰা নাই।

তেনে পৰিপ্ৰেক্ষিতত শংকিত হৈ অগপ নেতৃত্বই অৱশেষত প্ৰফুল্ল কুমাৰ মহন্তৰ শৰণাপন্ন হ’বলৈ বাধ্য হোৱা বুলি চৰ্চা চলিছে।

কিন্তু ইয়াৰ পাছত প্ৰফুল্ল কুমাৰ মহন্তৰ পৰৱৰ্তী স্থিতি কি হয় সেয়াহে লক্ষণীয় হ’ব।