• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সক্ৰিয় ৰাজনীতিত আৰু নাথাকে তৰুণ গগৈ

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , November 15, 2018 11:21 pm

2 min read

Former Chief Minister Tarun Gogoi interact session during the 20th North East Book Fair in Guwahati on 15-11-18.Pix by UB Photos

গুৱাহাটীত বৃহস্পতিবাৰৰ অন্তৰংগ আলাপত তৰুণ গগৈ। ছবি- ইউ বি।

500
VIEWS
Share on FacebookShare on Twitter

বহুতৰ মনত এটা প্ৰশ্ন হয়, পুনৰ কংগ্ৰেছৰ চৰকাৰ হ’লে তৰুণ গগৈয়ে আকৌ নেতৃত্ব ল’বলৈ আগবাঢ়িব নেকি? ১৫ বছৰ ধৰি মুখ্য মন্ত্ৰী হিচাপে দেখা মানুহজনক আকৌ সেইখন আসনত দেখা যাব নেকি? পিচে সেই প্ৰশ্ন আৰু অমূলক।

কাৰণ তৰুণ গগৈয়ে নিজেই ঘোষণা কৰিলে তেওঁ আৰু সক্ৰিয় ৰাজনীতিত নাথাকে।

গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ মঞ্চত বৃহস্পতিবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সৈতে হোৱা এক অন্তৰংগ আলাপ অনুষ্ঠানত তেওঁৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে উপস্থিত ৰাইজৰ আগত প্ৰকাশ কৰে বৰ্ষীয়ান ৰাজনীতিকজনে।

তেওঁ কয়, ‘মই ৰাজনীতিত থাকিম, কিন্তু মোৰ এতিয়া আৰু সক্ৰিয় ৰাজনীতিত থাকিবলৈ মন নাই। এতিয়া ৰাইজৰ লগত মিলি থাকি অলপ আৰামত থাকিবলৈ মন।’

সক্ৰিয় ৰাজনীতিৰ পৰা কিছু আঁতৰি গৈ তেওঁৰ মন এতিয়া কিতাপ লিখিবলৈ। তেওঁৰ মতে মানুহে অতীতক পাহৰি যায়, গতিকে অতীতক ধৰি ৰাখিবলৈ পূৰ্বতে অসমৰ হকে অগ্ৰণী বৰঙণি আগবাঢ়োৱা ব্যক্তি সকলৰ বিষয়ে লিখিবলৈ মন তেওঁৰ। বিশেষকৈ নাম ল’লে প্ৰাক্তন মুখ্য মন্ত্ৰী বিমলা প্ৰসাদ চলিহা আৰু কামাখ্যা ত্ৰিপাঠীৰ নাম। আৰু বিশেষ আশা নাই বুলিও গগৈয়ে ৰাইজৰ সন্মুখতে মন্তব্য কৰিলে।

তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালত ক’ত বিফল হ’ল তাকো প্ৰকাশ কৰিলে এই আলাপত। ‘মই ব্যৱস্থাটোৰ সলনি কৰিব বিচাৰিছিলো। দুৰ্নীতি ৰোধ কৰিবলৈ চৰকাৰী মেৰপেকত ফাইল পৰি থকা ব্যৱস্থাটো বন্ধ কৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু মই সফল হ’ব নোৱাৰিলো।’

এতিয়া ৰাজ্যখন কেৱল আমোলাৰে চলি থকা বুলিও গগৈয়ে মন্তব্য কৰে। তেওঁ কয়, ‘আমোলাক চলাব জানিব লাগিব। আমি জানিছিলো। মই আমোলাৰ কথামতে চলা নাছিলো, আমোলাই সাধাৰণ ৰাইজৰ কথা কি বুজি পায়?’

ইপিনে, নিজৰ আমোলত হোৱা দুৰ্নীতিৰ কথা অকপটে স্বীকাৰ কৰি লৈ বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত তাতকৈ বেছি দুৰ্নীতি হৈ আছে বুলিও মন্তব্য কৰে। এ পি এচ চিৰ কেলেংকাৰিৰ সঠিক তদন্ত হোৱা নাই বুলিও অভিযোগ কৰে।

‘ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিলে, কিন্তু ৰাকেশ পালৰ ভায়েকক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? ৰাকেশ পালৰ ভায়েকক কোনে লুকুৱাই ৰাখিছে?’ গগৈৰ প্ৰশ্ন।

একেটা অনুষ্ঠানতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ আখ্যা দিয়ে ‘সকলোতকৈ বেয়া প্ৰধান মন্ত্ৰী’ বুলি। তুলা-ধূনা দিয়ে কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা বিজেপিক।

জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে আঁত ধৰা এই অনুষ্ঠানটোত তৰুণ গগৈৰ সৈতে মত বিনিময় কৰে কেইবাজনো লোকে।

এই অনুষ্ঠানতেই অসমৰ তিনিটা কাৰ্যকালৰ মুখ্য মন্ত্ৰীজনে সদৰী কৰে তেওঁৰ সুদীৰ্ঘ ৰাজনৈতিক জীৱনৰ উপৰিও ছাত্ৰ জীৱন, যৌৱন, প্ৰেম সম্পৰ্কীয় বহু কথা। অনুষ্ঠান চাবলৈ সভাগৃহত ভিৰ কৰা বৃহৎ সংখ্যক ৰাইজে তেওঁৰ কথাত আমোদ পোৱাও পৰিলক্ষিত হ’ল।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd