• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সক্ৰিয় ৰাজনীতিত আৰু নাথাকে তৰুণ গগৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 15, 2018 11:21 pm
Former Chief Minister Tarun Gogoi interact session during the 20th North East Book Fair in Guwahati on 15-11-18.Pix by UB Photos

গুৱাহাটীত বৃহস্পতিবাৰৰ অন্তৰংগ আলাপত তৰুণ গগৈ। ছবি- ইউ বি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুতৰ মনত এটা প্ৰশ্ন হয়, পুনৰ কংগ্ৰেছৰ চৰকাৰ হ’লে তৰুণ গগৈয়ে আকৌ নেতৃত্ব ল’বলৈ আগবাঢ়িব নেকি? ১৫ বছৰ ধৰি মুখ্য মন্ত্ৰী হিচাপে দেখা মানুহজনক আকৌ সেইখন আসনত দেখা যাব নেকি? পিচে সেই প্ৰশ্ন আৰু অমূলক।

কাৰণ তৰুণ গগৈয়ে নিজেই ঘোষণা কৰিলে তেওঁ আৰু সক্ৰিয় ৰাজনীতিত নাথাকে।

Apply Now

গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ মঞ্চত বৃহস্পতিবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সৈতে হোৱা এক অন্তৰংগ আলাপ অনুষ্ঠানত তেওঁৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে উপস্থিত ৰাইজৰ আগত প্ৰকাশ কৰে বৰ্ষীয়ান ৰাজনীতিকজনে।

তেওঁ কয়, ‘মই ৰাজনীতিত থাকিম, কিন্তু মোৰ এতিয়া আৰু সক্ৰিয় ৰাজনীতিত থাকিবলৈ মন নাই। এতিয়া ৰাইজৰ লগত মিলি থাকি অলপ আৰামত থাকিবলৈ মন।’

সক্ৰিয় ৰাজনীতিৰ পৰা কিছু আঁতৰি গৈ তেওঁৰ মন এতিয়া কিতাপ লিখিবলৈ। তেওঁৰ মতে মানুহে অতীতক পাহৰি যায়, গতিকে অতীতক ধৰি ৰাখিবলৈ পূৰ্বতে অসমৰ হকে অগ্ৰণী বৰঙণি আগবাঢ়োৱা ব্যক্তি সকলৰ বিষয়ে লিখিবলৈ মন তেওঁৰ। বিশেষকৈ নাম ল’লে প্ৰাক্তন মুখ্য মন্ত্ৰী বিমলা প্ৰসাদ চলিহা আৰু কামাখ্যা ত্ৰিপাঠীৰ নাম। আৰু বিশেষ আশা নাই বুলিও গগৈয়ে ৰাইজৰ সন্মুখতে মন্তব্য কৰিলে।

তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালত ক’ত বিফল হ’ল তাকো প্ৰকাশ কৰিলে এই আলাপত। ‘মই ব্যৱস্থাটোৰ সলনি কৰিব বিচাৰিছিলো। দুৰ্নীতি ৰোধ কৰিবলৈ চৰকাৰী মেৰপেকত ফাইল পৰি থকা ব্যৱস্থাটো বন্ধ কৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু মই সফল হ’ব নোৱাৰিলো।’

এতিয়া ৰাজ্যখন কেৱল আমোলাৰে চলি থকা বুলিও গগৈয়ে মন্তব্য কৰে। তেওঁ কয়, ‘আমোলাক চলাব জানিব লাগিব। আমি জানিছিলো। মই আমোলাৰ কথামতে চলা নাছিলো, আমোলাই সাধাৰণ ৰাইজৰ কথা কি বুজি পায়?’

ইপিনে, নিজৰ আমোলত হোৱা দুৰ্নীতিৰ কথা অকপটে স্বীকাৰ কৰি লৈ বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত তাতকৈ বেছি দুৰ্নীতি হৈ আছে বুলিও মন্তব্য কৰে। এ পি এচ চিৰ কেলেংকাৰিৰ সঠিক তদন্ত হোৱা নাই বুলিও অভিযোগ কৰে।

‘ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিলে, কিন্তু ৰাকেশ পালৰ ভায়েকক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? ৰাকেশ পালৰ ভায়েকক কোনে লুকুৱাই ৰাখিছে?’ গগৈৰ প্ৰশ্ন।

একেটা অনুষ্ঠানতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ আখ্যা দিয়ে ‘সকলোতকৈ বেয়া প্ৰধান মন্ত্ৰী’ বুলি। তুলা-ধূনা দিয়ে কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা বিজেপিক।

জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে আঁত ধৰা এই অনুষ্ঠানটোত তৰুণ গগৈৰ সৈতে মত বিনিময় কৰে কেইবাজনো লোকে।

এই অনুষ্ঠানতেই অসমৰ তিনিটা কাৰ্যকালৰ মুখ্য মন্ত্ৰীজনে সদৰী কৰে তেওঁৰ সুদীৰ্ঘ ৰাজনৈতিক জীৱনৰ উপৰিও ছাত্ৰ জীৱন, যৌৱন, প্ৰেম সম্পৰ্কীয় বহু কথা। অনুষ্ঠান চাবলৈ সভাগৃহত ভিৰ কৰা বৃহৎ সংখ্যক ৰাইজে তেওঁৰ কথাত আমোদ পোৱাও পৰিলক্ষিত হ’ল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd