• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ প্ৰাক্তন ডিজিপি খগেন শৰ্মাৰ বিয়োগ, শনিবাৰে শেষকৃত্য

কল্পজ্যোতি শইকীয়া, অনুপ শৰ্মা by কল্পজ্যোতি শইকীয়া, অনুপ শৰ্মা
October 25, 2019 7:51 pm
Former Assam DGP Khagen Sarmah dies

প্ৰাক্তন ডিজিপি খগেন শৰ্মা।

2.6k
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান খগেন শৰ্মাৰ শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত মৃত্যু ঘটিছে।

সন্ধিয়া ৭:১৫ বজাত গুৱাহাটীৰ চান ভেলি হস্পিতেলত শৰ্মাৰ মৃত্যু হৈছে।

চিকিৎসালয় সূত্ৰমতে, যোৱা কিছুদিন ধৰি প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াজন চিকিৎসাধীন হৈ আছিল।

“যোৱা ১৩ অক্তোবৰৰ পৰা তেওঁ আমাৰ ইয়াত চিকিৎসাধীন আছিল। তেওঁৰ কেন্সাৰ হৈছিল,” চিকিৎসালয়ৰ এগৰাকী বিষয়াই জনায়।

দীৰ্ঘসময় ধৰি অসম আৰক্ষীৰ বিশেষ শাখাৰ শীৰ্ষ বিষয়াৰূপে সেৱা আগবঢ়োৱা শৰ্মা উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহৰে মোকাবিলাৰ বাবে জনাজাত আছিল।

১৯৮২-বেটচৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়াজনে ৩৩ বছৰ সেৱা আগবঢ়াইছিল।

২০১৪ চনত ডিজিপিৰূপে কাৰ্য্যভাৰ লোৱা শৰ্মাই ২০১৫ চনৰ ৩০ নৱেম্বৰত অসম আৰক্ষীৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

শৰ্মাই অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষৰূপেও সেৱা আগবঢ়াইছিল।

শৰ্মাৰ জন্মস্থান নলবাৰী জিলাৰ টিহুত।

আপদে’ট:

চিকিৎসালয়ৰ পৰা খগেন শৰ্মাৰ নশ্বৰ দেহ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ আৱাসলৈ লৈ যোৱা হৈছে। ৰাতি তাতে মৃতদেহ ৰখাৰ ব্যৱস্থা কৰা হৈছে।

অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত শনিবাৰে প্ৰাক্তন সঞ্চালকপ্ৰধানজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনোৱামতে, শনিবাৰেই পৰিয়ালৰ লোকৰ মত অনুসৰি তেওঁৰ মৃতদেহ সৎকাৰ হ’ব।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ অৱদান শ্ৰদ্ধাৰে সুঁৱৰিছে।

Recent News

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd