• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 1, 2020 6:12 pm

2 min read

f3b6234f-3f44-4e6a-a234-fd8f689f149a

ফটো : নৰ্থ-ইষ্ট নাও

1.9k
VIEWS
Share on FacebookShare on Twitter

আজি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাই।

কংগ্ৰেত যোগদান কৰি শৰ্মাই ভাষণ প্ৰসংগত ২০২১ ত কংগ্ৰেছৰ জয় হ’ব বুলি দাবী কৰি কয়, ‘এই বিশ্বাসেৰে আমি আগুৱাই যাব লাগিব। ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে দম্ভ মাৰি নকওঁ, কিন্তু অতি কমেও ৮০ খন আসন লৈ দিচপুৰ দখল কৰিম। মোৰ ঘৰ-দুৱাৰ সকলো আছে, খাবলৈ অভাৱ নাই, ৰাইজৰ সেৱা কৰিবলৈ কংগ্ৰেছলৈ আহিছো’।

তদুপৰি, বিজেপিক অসমত উৎখাত কৰা অভিযান আজিৰ পৰা হ’ব লাগে বুলি মন্তব্য কৰি তেওঁ কয় ‘২০২১ ত বিজেপিক উৎখাত কৰিম। আৰু দিচপুৰ দখল কৰিম আৰু ২০২৪ ত দিল্লীও দখল কৰিম।‘

হাস্যকৰভাৱে শৰ্মাই প্ৰেমৰ সম্পৰ্কৰে ভোটাৰক আকৰ্ষণ কৰিবলৈ কংগ্ৰেছৰ যুৱক-যুৱতী সদস্যক আহ্বান জনাই তেওঁ কয়, ‘যুদ্ধ জয়ৰ ক্ষেত্ৰত প্ৰথমটো হৈছে মনোবৈজ্ঞানিক যুদ্ধ আৰু দ্বিতীয়টো হৈছে প্ৰেমৰ সম্পৰ্ক। মই খোলা খুলি কথা কোৱা মানুহ, ডেকা চামে প্ৰেম সম্পৰ্ক কৰিবই লাগিব। এজনী ধুনীয়া ছোৱালীক দহজন ল’ৰাই ভাল পাইছে, কিন্তু তাইক ব্ৰেইন ওৱাছ কৰি আনিব পৰা জনৰহে জয় হ’ব’।

‘যুৱ কংগ্ৰেছ, এন এছ য়ু আই, আৰু মহিলা কংগ্ৰেছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু অন্যান্য জ্যেষ্ঠ নেতাৰ পৰামৰ্শ লৈ দৈনিক কাম কৰিব লাগিব’। শৰ্মাই লগতে কয়।

শৰ্মাৰ মতে, ‘জনসাধাৰণৰ লগত সম্পৰ্ক বা যোগাযোগ থাকিলে টকা-পইছাই একো কৰিব নোৱাৰে। মই ১৬ লাখ টকা লৈ নিৰ্বাচন খেলিছিলো তথাপি জনসাধাৰণৰ লগত এক সু-সম্পৰ্ক থকাৰ বাবে জয়ী হৈছিলো’।

‘মোৰ কোনো জাত-পাত নাই। য’ত মন যায় খাওঁ, য’ত মন যায় থাকো। খাহী মাংস খাবলৈ হ’লে নেপালীৰ ঘৰত, মাছ মাংস খাবলৈ হ’লে অসমীয়াৰ তাত, দৈ-ক্ৰীম খাবলৈ হ’লে চৰ চাপৰিৰ মুছলমানৰ তাত, লাও পানী খাবলৈ হ’লে দেউৰী, সোণোৱাল, ঠেঙালৰ ঘৰত গৈ সোমাই দিওঁ। আমি মুছলমান-খ্ৰীষ্টানক ঘিণ কৰিলে নহ’ব, তেওঁলোকো আমাৰ ভাতৃ-ভগ্নী’। শৰ্মাই ভাষণ প্ৰসংগত কয়।

ইপিনে, আজিৰ দিনটোতে কংগ্ৰেছত জ্যেষ্ঠ সাংবাদিক জমছেৰ আলি, এন পি পি দলৰ ৰাজ্যিক আহ্বায়ক ৰিজুমণি তালুকদাৰ, বিশ্বনাথ জিলাৰ অভিযন্তা সংগীতা গোস্বামীকে ধৰি অৰ্ধ শতাধিক লোকে কংগ্ৰেছত যোগদান কৰে।

ৰাজীৱ ভৱনত অনুষ্ঠিত যোগদান কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইনৰ লগতে বহুতো নেতা-কৰ্মী উপস্থিত থাকে।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd