মঙলবাৰে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে আদালত এক অভিযোগ দাখিল কৰিছিল এজন ব্যক্তিয়ে।
এই অভিযোগ দাখিল কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ে অভিযোগকাৰীক আদালতৰ কক্ষৰ পৰা বাহিৰলৈ উলিয়াই দিয়াৰ নিৰ্দেশ দিয়ে।
ইয়াৰ পূৰ্বে ন্যায়াধীশ বেলা এম ত্ৰিবেদী আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে অভিযোগকাৰী অৰুণ ৰামচন্দ্ৰ হুবলিকাৰ(পেছাত অধিবক্তা) ৰ আবেদন খাৰিজ কৰে।
হুবলিকাৰে প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে আভ্যন্তৰীণ তদন্ত বিচাৰিছিল। তেওঁৰ অভিযোগ আছিল যে তেওঁক অবৈধভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। আৰু এই গোচৰত হস্তক্ষেপ কৰিছিল ৰঞ্জন গগৈয়ে। আৰু ইয়াৰ ফলত তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পৰিছে। তেওঁ অভিযোগত লিখিছে – ‘এটা ৰায়দানত ন্যায়াধীশ গগৈয়ে হস্তক্ষেপ কৰিছিল । তেওঁ মোৰ জীৱনটোক দুৰ্বিষহ কৰি তুলিছে।’
এই অভিযোগ খাৰিজ কৰাৰ পিছতেই আদালতক উভটি ধৰে অভিযোগকাৰী হুবলিকাৰে। ইয়াৰ পিছত যেতিয়া হুবলিকাৰক আদালতৰ কক্ষৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়া হয়।
ইয়াৰ আগতেও তেওঁ এই আবেদন দাখিল কৰি নিন্দাৰ সন্মুখীন হৈছিল। যোৱা ৩০ ছেপ্টেম্বৰত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত থকা বিচাৰপীঠে বিষয়টোৰ তদন্তৰ দাবীত তীব্ৰ আপত্তি প্ৰকাশ কৰি অভিযোগৰ তালিকাৰ পৰা ৰঞ্জন গগৈৰ নাম বাদ দিব লাগে বুলি অৱগত কৰিছিল।
ন্যায়াধীশ চন্দ্ৰচুদে কৈছিল, “জনস্বাৰ্থত দাখিল কৰা গোচৰত যদি কোনো প্ৰাক্তন ন্যায়াধীশৰ নাম অন্তৰ্ভুক্ত কৰা হয়, তেন্তে ই ন্যায়পালিকাৰ মৰ্যাদা ধ্বংস কৰে।”