NORTHEAST NOW (Assamese)

‘কা’ৰ বিৰোধিতা কৰাৰ বাবেই NSG প্ৰত্যাহাৰ কৰি মোৰ ওপৰত হেঁচা দিছে : প্ৰফুল্ল কুমাৰ মহন্ত

December 22, 2019 1:38 pm · কল্পজ্যোতি শইকীয়া

“ৰাইজে জানে যে আমি নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতা কৰিছো। বিভিন্ন দিশৰ পৰা হেঁচাৰ সন্মুখীন হৈ আহিছো। NSG প্ৰত্যাহাৰ আমাক হেঁচাৰ এটা অংশ বুলি ভাবো। সোণোৱাল, কেইজনমান মন্ত্ৰী আৰু  ইনছাৰজেণ্ট গ্ৰুপৰ এজন ইয়াৰ লগত জড়িত আছে।” এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ।

আজি মহন্তই উলুবাৰিস্থিত হোটেল প্ৰিয়া পেলেচত এক সংবাদমেলত কয় যে, ‘যোৱা ১৯ ডিচেম্বৰত NSG প্ৰত্যাহাৰ কৰিলে। পৰ্যালোচনা বৈঠক হোৱাৰ কথা আছিল ফেব্ৰুৱাৰীত, কিন্তু তাৰ আগতে NSG কৰ্তন কৰিছে। NSG আঁতৰাবলৈ ৰাজ্য চৰকাৰে বাৰেপতি কেন্দ্ৰীয় চৰকাৰক কৈ আছিল।’

মহন্তই NSG প্ৰত্যাহাৰৰ সন্দৰ্ভত সংবাদমেলত কয় যে মই সদ্যহতে আইনৰ কাষ নাচাপো কিন্তু তথাপিও এই বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদন জনাম।

NSG নিৰাপত্তা প্ৰত্যাহাৰেৰে ‘কা’ৰ বিৰোধিতা কৰাৰ বাবে তেওঁৰ ওপৰত এটা হেঁচা দিয়া বুলি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি তেওঁ নিজৰ স্থিতি কেতিয়াও সলনি নকৰে বুলি কয়।

“জাতিক বিশ্বাসঘাতক কেতিয়াও নকৰো। অসম চুক্তিক নস্যাৎ কৰি জাতিক ধ্বংস কৰিব বিচৰা কাম কেতিয়াও হ’বলৈ নিদিওঁ।” মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ।

মই নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতা কৰাৰ বাবেই দলৰ মিটিঙত নিমন্ত্ৰণ নজনোৱা হ’ল বুলি ক্ষোভ উজাৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কালি বিধায়িনী দলৰ বৈঠকলৈও মতা নাছিল বুলি উল্লেখ কৰে।।

“মোক এটা সময়ত তিনিচুকীয়াত মিটিং কৰি আঁতৰাবলৈ চাইছিল। মই দলৰ পৰা আঁতৰি থকা বুলি ওলাইছিল কিন্তু মোক আঁতৰাইহে ৰখা হৈছিল।” বুলি কয় মহন্তই।

আনহাতে ৰাজ্যৰ বিজেপি চৰকাৰখনে ২১ ডিচেম্বৰত ঘোষণা কৰা আঁচনিসমূহ এক প্ৰলোভনৰ ৰাজনীতিও বুলি কয় প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে।

তাৰোপৰি তেওঁ কয় যে ‘বিজেপিৰ বাক্য বেদৰ বাক্য নেকি? অসম চুক্তি ৰূপায়ণ আজিলৈকে নকৰিলে।’

ইফালে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে সংবাদমেলত সমালোচনা কৰি কয় যে, ‘বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কেবৰ বিৰুদ্ধে ভাষণ দিলে কিন্তু ভোটটো সমৰ্থনত দিলে। এইটো আমি মানি ল’ব নোৱাৰো।’ তেওঁ কয় যে নাগালেণ্ডত এজনক বিধেয়কৰ পক্ষত ভোট দিয়াৰ বাবে দলৰ পৰাই উলিয়াই দিলে।

Related News