নতুন দিল্লীত বিজেপিত যোগদান কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতাই

BJP joined

বিজেপিত যোগদান কৰাৰ পাছত ভুৱনেশ্বৰ কলিতা

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই শুকুৰবাৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেল আৰু বিজেপি নেতা ভূপেন্দ্ৰ যাদৱৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

কংগ্ৰেছৰ পৰা পদত্যাগ কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি প্ৰাক্তন জেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে কয় যে ৰাষ্ট্ৰৰ হিতৰ বাবে চৰকাৰে জম্মু-কাশ্মীৰৰ প্ৰসংগত গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তৰ ক্ষেত্ৰত কংগ্ৰেছে সমৰ্থন কৰিব নে নকৰিব তাকে লৈ দলৰ মাজত মত বিৰোধ হৈছিল।

কলিতাই বহুসময়ত কংগ্ৰেছৰ জেষ্ঠ নেতাসকলৰ সৈতে এই প্ৰসংগত আলোচনা কৰাৰ পাছতো যেতিয়া দলে ৰাজ্যসভাত জম্মু-কাশ্মীৰ পুনৰগঠন বিধেয়কখনৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়াই তেওঁ ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে বুলি সংবাদমেলত উল্লেখ কৰে।

আনহাতে, ৰাষ্ট্ৰবাদ শক্তিশালী কৰা আৰু বিকাশৰ দিশত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অনাগত দিনত উত্তৰ-পূবকো সমানে লগত লৈ আগবাঢ়ি যাব বুলি কলিতাই মন্তব্য কৰে।

তদুপৰি, জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ আৰু ৩৫ (এ) অকাৰ্য্যকৰী কৰাৰ পাছত দেশৰ মূল ভূখণ্ডৰ সৈতে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ একাত্মতা বৃদ্ধি পাব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন জেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে।

বিজেপিৰ মজিয়ালৈ আনুষ্ঠানিকভাৱে স্বাগতম জনাই দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী পিযুষ গোৱেলে ভুৱনেশ্বৰ কলিতাক এগৰাকী নিষ্কলংক ৰাজনৈতিক ব্যাক্তিত্ব হিচাপে অভিহিত কৰে।

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫(এ) বাতিল কৰা সিদ্ধান্তৰ ক্ষেত্ৰত কংগ্ৰেছ দলে গ্ৰহণ কৰা বিৰোধমূলক স্থিতিৰ বাবে কংগ্ৰেছ ত্যাগ কৰা কলিতাৰ সিদ্ধান্তক সাহসী আখ্যা দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, ৫ আগষ্টত সকলোকে আচৰিত কৰি ভুবনেশ্বৰ কলিতাই ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল।