NORTHEAST NOW (Assamese)

ৰবীন্দ্ৰ জাদেজাক বৰ্তমান বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ ফিল্ডাৰ আখ্যা গৌতম গম্ভীৰৰ

June 19, 2020 9:49 pm · এন ই নাও নিউজ
ৰবীন্দ্ৰ জাদেজা

ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা বৰ্তমান বিজেপিৰ সাংসদ গৌতম গম্ভীৰে ৰবীন্দ্ৰ জাদেজাক বৰ্তমান বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ ফিল্ডাৰ আখ্যা দিছে।

গৌতম গম্ভীৰে বৰ্তমান সময়ত ৰবীন্দ্ৰ জাদেজাতকৈ কোনো ভাল ফিল্ডাৰ নাই বুলি মন্তব্য কৰে।

‘‘থ্ৰ’ কৰাৰ ক্ষেত্ৰত জাদেজাতকৈ ভাল কোনো নাই…কোনো খেলুৱৈয়ে তেওঁৰ দৰে আউটফিল্ড কভাৰ কৰিব নোৱাৰে…জাদেজাক পইণ্ট, কভাৰ, বাউণ্ডেৰী য’তে ফিল্ডিং কৰিবলৈ দিলেও তেওঁৰ দৰে সুৰক্ষিত হাত কোতো পোৱা নাযাব,’’ গম্ভীৰে লগতে কয়।

গৌতম গম্ভীৰে বৰ্তমান ভাৰতীয় দলৰ ফিল্ডিং পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে বুলিও কয়। জাদেজাৰ উপৰিও তেওঁ অধিনায়ক কোহলী, ৰোহিত শৰ্মা, মনীষ পাণ্ডে, কে এল ৰাহুলৰ ফিল্ডিঙৰ প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ পূৰ্ব অধিনায়ক মাইকেল ক্লাৰ্কেও জাদেজাক বৰ্তমান সময়ৰ আটাইতকৈ ভাল ফিল্ডাৰ আখ্যা দিছিল।

আনহাতে, ভাৰতীয় দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীয়ো এটা সাক্ষাতকাৰত বৰীন্দ্ৰ জাদেজাক নিজতকৈ ভাল ফিল্ডাৰ হিচাপে অভিহিত কৰি ভাৰতীয় দলৰ আটাইতকৈ সুৰক্ষিত হাত বুলি কয়।

Related News