মৃত্যুক সাবটিলে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজ’ এবেই: নিশ্চিত কৰিলে জাপানে

Shinzo Abe

আজি পুৱা আততায়ীৰ আক্ৰমণৰ বলি হোৱা জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজ’ এবেৰ মৃত্যু হৈছে। জাপানৰ শীৰ্ষ বিষয়া সকলে এবেৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰিছে। বিষয়াসকলৰ উদ্ধৃতি দি জাপানৰ এনএইচকে ৱৰ্ল্ড নিউজে ইতিমধ্যে এই বাতৰি প্ৰকাশ কৰিছে।

উল্লেখ্য যে আজি পুৱা পশ্চিম জাপানৰ নাৰা চহৰত ভাষণ দি থকাৰ সময়তে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল৷

নিৰ্বাচনী সভাত ভাষণ দি থকাৰ সময়তে দুৰ্বৃত্তই এবেক লক্ষ্য কৰি গুলীচালনা কৰিছিল। গুলীৰ আঘাতত থিতাতে ঢলি পৰিছিল এবে৷

এই আক্ৰমণত থিতাতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যু ঘটা বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছিল যদিও জাপান চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ বিবৃতি প্ৰকাশ কৰা হোৱা নাছিল৷কিন্তু কিছুমান সময় পূৰ্বে তেওঁৰ মৃত্যুৰ বিষয়ে ৰাজহুৱাকৈ সদৰি কৰা হয়।

দুৰ্বৃত্তৰ গুলীয়ে এবেৰ বুকুত আঘাত কৰাৰ পিছত থিতাতে ঢলি পৰিছিল। প্ৰচাৰ হোৱা ফটো তথা ভিডিঅ’সমূহত এবেৰ আঘাতৰ স্থানৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হোৱা দেখা গৈছিল। সংকটজনক অৱস্থাত ছিনজ’ এবেক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজন লোকক লোকক আটক কৰিছে৷

১৯৫৪ চনৰ ২১ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা এবে ২০০৬ চনৰ পৰা ২০০৭ চনলৈ আৰু তাৰ পিছতো ২০১২ চনৰ পৰা ২০২০ চনলৈ জাপানৰ প্ৰধানমন্ত্ৰী আছিল৷ তেওঁ লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ (এলডিপি) সভাপতিও আছিল।

জাপানৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময় কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী আছিল এবে। এবে ২০০৫ চনৰ পৰা ২০০৬ চনলৈ জুনিচিৰো কইজুমিৰ অধীনত মুখ্য কেবিনেট সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০১২ চনত বিৰোধী দলৰ নেতা আছিল।