NORTHEAST NOW (Assamese)

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

February 1, 2023 7:01 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 1, 2023 12:56 am

দেশৰ প্ৰাক্তন কেন্দ্ৰীয় আইনমন্ত্ৰী তথা বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মঙলবাৰে নিশা নতুন দিল্লীত মৃত্যু হয়। শাৰীৰিক অসুস্থতাৰ বাবে ৯৭ বছৰ বয়সত মৃত্যু হয় প্ৰসিদ্ধ আইনজ্ঞ গৰাকীৰ। ভূষণৰ পৰিয়ালে সদৰী কৰা মতে, যোৱা কিছুদিন ধৰি শান্তি ভূষণৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু কালি নিজ গৃহতে তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে, ১৯৭৫ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰ্বাচন বাতিল হোৱা ঐতিহাসিক ৰাজ নাৰায়ণ বনাম ইন্দিৰা নেহৰু গান্ধী গোচৰত ৰাজনীতিবিদ ৰাজ নাৰায়ণক প্ৰতিনিধিত্ব কৰিছিল শান্তি ভূষণে। এই ঐতিহাসিক গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে গান্ধীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা ছবছৰৰ বাবে অযোগ্য ঘোষণা কৰিছিল।

ইয়াৰ পিছতে জ্যেষ্ঠ অধিবক্তা ভূষনে মোৰাৰজী দেশাইৰ মন্ত্ৰীসভাত ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ আইন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজনৈতিক জীৱনত তেওঁ কংগ্ৰেছ (অ) আৰু পিছলৈ জনতা পাৰ্টিৰ সদস্য আছিল। তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে শান্তি ভূষণৰ পুত্ৰদ্বয় জয়ন্ত আৰু প্ৰশান্ত ভূষণো দেশৰ আগশাৰীৰ অধিবক্তা। কিছুদিন পূৰ্বলৈকে আইনী বৃত্তিত সক্ৰিয় হৈ থকা শান্তি ভূষন ৰাফেল যুদ্ধ বিমান চুক্তিৰ আদালতৰ নিৰীক্ষণত তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত পি.আই.এল- ৰ ওপৰত যুক্তি আগবঢ়াইছিল।

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূষণৰ মৃত্যুত শোক প্ৰকাশ কৰে। এক টুইট যোগে প্ৰধানমন্ত্ৰী মোদীয়ে আইনী ক্ষেত্ৰলৈ ভূষণে আগবঢ়োৱা অৱদানৰ বাবে স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জনায়।

প্ৰধানমন্ত্ৰী মোদীৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু আইন মন্ত্ৰী কিৰেন ৰিজিজুৱেও ভূষণৰ মৃত্যুত শোক প্ৰকাশ কৰে।

Related News