DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2021 6:49 am
Paniram rabha
147
VIEWS
Share on FacebookShare on Twitter

বৰমাৰ বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ শনিবাৰে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭বছৰ।

স্নায়ু ৰোগ আৰু মধুমেহ ৰোগত আক্ৰান্ত ৰাভাক গুৱাহাটীৰ হায়াত হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতে শনিবাৰে সন্ধিয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

১৯৫৪ চনত বাক্সা জিলাৰ আলাগজাৰ গাঁৱত জন্মগ্রহণ কৰা পানীৰাম ৰাভাই সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বত হোৱা মাধ্যম আন্দোলন, ভাষা আন্দোলন আদিত সক্রিয়ভাৱে অংশগ্রহণ কৰাৰ লগতে এগৰাকী জাতীয়তাবাদী নেতা হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল।

১৯৮৫ চনত পানীৰাম ৰাভাই অগপ দলত যোগদান কৰে যদিও ১৯৯১ চনত বৰমা সমষ্টিৰ পৰা প্ৰয়াত ভৃগু কুমাৰ ফুকন নেতৃত্বাধীন নতুন অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হয়।

কিন্তু ১৯৯৬ চনত পানীৰাম ৰাভাই কংগ্ৰেছ দলত যোগদান কৰে আৰু ২০০১ চনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ দ্বিতীয়বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হয়।

প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা ৰিপুণ বৰাকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd