Tulsi Gabbard leaves Democratic Party ডেম’ক্ৰেটিক পাৰ্টিৰ ২০ বছৰ পুৰণি সদস্য তুলসী গাবাৰ্ডে জো বিডেন চৰকাৰক সমালোচনা কৰি দল ত্যাগ কৰিছে। তুলসী আছিল ২০২০ চনত বিডেনৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰথম হিন্দু-আমেৰিকান। অৱশ্যে শেষত তেওঁ প্ৰতিদ্বন্দ্বিতাত পিছ পৰি ৰয়।
দল এৰি যোৱাৰ পূৰ্বে তুলসীয়ে দলৰ সহকৰ্মী বিডেনৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰিছে যে বৰ্তমানৰ চৰকাৰে বৰ্ণৰ ভিত্তিত কাম কৰে। শ্বেতাংগ বিৰোধী বিক্ষোভ, প্ৰতিবাদত ইন্ধন যোগায়।
তুলসীয়ে বিডেন চৰকাৰক ধনী আৰু অভিজাত সমাজৰ দ্বাৰা পৰিচালিত এখন যুদ্ধবাজ চৰকাৰ বুলিও অভিহিত কৰিছে। তেওঁ কয় যে যদি আমেৰিকাত এই চৰকাৰ থাকে তেন্তে ই শীঘ্ৰেই দেশখনক পাৰমাণৱিক যুদ্ধৰ দিশে লৈ যাব।
তুলসীয়ে প্ৰায় আধা ঘণ্টাজোৰা এটা ভিডিঅ’ পোষ্টত তুলসীয়ে তেওঁ কিয় দলটোৰ সৈতে তেওঁৰ ২০ বছৰীয়া সম্পৰ্ক ছিন্ন কৰিলে সেয়া বৰ্ণনা কৰিছে। তেওঁ কয়,’’ তেওঁ এই ডেমক্ৰেটিক পাৰ্টিটোক চিনি নাপায়। কিয়নো এই দলটো এতিয়া এদল যুদ্ধবাজ, কাপুৰুষ আৰু ক্ষমতাশালী লোকৰ মাজত সোমাই পৰিছে। যিসকলে প্ৰতি মুহূৰ্তত আমেৰিকান নাগৰিকৰ মাজত বৰ্ণগত বিভাজন সৃষ্টি কৰি আছে।‘’
তেওঁ কয়, ‘’ই আমেৰিকাৰ সাধাৰণ নাগৰিকৰ স্বাধীনতা ধ্বংস কৰি আছে। তেওঁলোকে আমেৰিকান লোকসকলৰ ইশ্বৰ বিশ্বাস বা ধৰ্মৰ বিষয়ে চিন্তা নকৰে। তেওঁলোকে আৰক্ষীক অপ্ৰয়োজনীয়ভাৱে ভাবুকিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে আৰু একে সময়তে পৰোক্ষভাৱে অপৰাধীসকলক সমৰ্থন কৰে।”
I can no longer remain in today’s Democratic Party that is now under the complete control of an elitist cabal of warmongers driven by cowardly wokeness, who divide us by racializing every issue & stoke anti-white racism, actively work to undermine our God-given freedoms, are… pic.twitter.com/oAuTnxZldf
— Tulsi Gabbard 🌺 (@TulsiGabbard) October 11, 2022
ডেম’ক্ৰেটিক পাৰ্টি আৰু ইয়াৰ দ্বাৰা সমৰ্থিত চৰকাৰক আক্ৰমণ কৰি তুলসীয়ে কয়, ‘’এইখন সাধাৰণ মানুহৰ চৰকাৰ নহয়। এই দলটো আৰু তেওঁলোকৰ চৰকাৰ ক্ষমতাশালী অভিজাত সকলৰ দ্বাৰা নিয়ন্ত্ৰণ হয়।‘’
উল্লেখ্য যে তুলসীয়ে আগতে বাৰাক অ’বামা চৰকাৰৰ বিৰুদ্ধেও মাত মাতিছিল। তেওঁ অভিযোগ কৰিছিল, অ’বামা চৰকাৰে মানি ল’ব নিবিচাৰে যে মৌলবাদীসকল আমেৰিকাৰ প্ৰধান শত্ৰু। ডেম’ক্ৰেটিক পাৰ্টিৰ সদস্য তুলসী গাবাৰ্ড আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন সভাৰ প্ৰাক্তন সদস্যও আছিল।