• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মই মাদ্ৰাছাত পঢ়িছো, মাদ্ৰাছাত পঢ়ি মুখ্য মন্ত্ৰী হৈছো : তৰুণ গগৈ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 14, 2020 9:27 am
Tarun Gogoi

শিৱসাগৰত তৰুণ গগৈৰ সংবাদমেল

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য প্ৰয়াত বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ শিৱসাগৰস্থিত বাসগৃহত ১৩ ফেব্ৰুৱাৰিত উপস্থিত হয় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। প্ৰাক্তন সতীৰ্থ গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে তৰুণ গগৈয়ে।

বিয়লি শিৱসাগৰৰ আৱৰ্ত ভৱনত আয়োজিত এখন সংবাদ মেল সম্বোধন কৰি  গগৈয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, বিজেপি দল আৰু এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইছলামক ক্ষুৰধাৰ সমালোচনা কৰে।

Apply Now

হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি তৰুণ গগৈয়ে তেওঁ নিজেই যোৰহাটত মাদ্ৰাছাত পঢ়িছিল আৰু মাদ্ৰাছাত পঢ়িয়ে তেওঁ মুখ্য মন্ত্ৰী হৈছে বুলি কয়।

তৰুণ গগৈয়ে দিল্লী বিধানসভা নিৰ্বাচনত জয়ী হোৱা অৰবিন্দ কেজৰিৱাল তথা আপৰ চৰকাৰক আদৰণি জনোৱাৰ লগতে এইয়া গণতন্ত্ৰৰ হিচাপে আখ্যা দিয়ে।

‘‘দিল্লীৰ ৰাইজে গণতন্ত্ৰত বিশ্বাস কৰে, ধৰ্মনিৰপেক্ষত বিশ্বাস কৰে, বিভেদকামী শক্তিক বিশ্বাস নকৰে। ফলাফলৰ পিছত হিমন্ত বিশ্ব শৰ্মাই লাজতে কৈছে আমি দিল্লীত জিকিম বুলি ভৱা নাছিলো,’’ তৰুণ গগৈৰ মন্তব্য।

বিজেপিৰ বৰ্তমান শনিৰ দশা চলি আছে আৰু এই দশা বহু দিনলৈ চলি থাকিব বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে গেৰুৱা দলটোৱে এখনৰ পাছত এখনকৈ ৰাজ্য হেৰুৱাইছে বুলি কয়।

‘কা’ বিৰোধী আন্দোলনৰ সন্দৰ্ভত তেওঁ কয়, ‘কা’ বিৰোধিতা কৰা বাবে বিজেপি চৰকাৰে কেজিৰৱালক সন্ত্ৰাসবাদী, ৰাহুল গান্ধীক তথা আন আন্দোলনকাৰীক জাতিদ্ৰোহী দেশদ্ৰোহী বুলি কৈছে। কিন্তু দিল্লীবাসী ৰাইজে বিজেপিক উচিত প্ৰত্যুতৰ দিলে ।

‘‘অসমত এতিয়া লৰা ৰজাৰ শাসন চলিছে। ‘কা’ বিৰোধী আন্দোলন কৰা সকলক জেলত ভৰাই থৈছে,  ৫ জন নিৰীহ যুৱকক হত্যা কৰিলে। আমি তদন্তৰ দাবী কৰি আহিছো যদিও চৰকাৰে ৫ নিৰীহ যুৱকৰ হত্যাৰ তদন্ত ঘোষণা কৰিবলৈ সাহস কৰিব পৰা নাই। আমাৰ দিনত পুলিচৰ গুলিত মৃত্যু হলে আমি তদন্ত ঘোষণা কৰিছিলো,’’ তেওঁ লগতে কয়।

আনহাতে, আহোম জনগোষ্ঠীক আমিনুল ইছলামে বিদেশী বুলি কোৱা মন্তব্যৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচতনিত আমিনুল ইছলামে আহোম জনগোষ্ঠীক লৈ বিতৰ্কিত মন্তব্য কৰিছে বুলি অভিযোগ কৰে গগৈয়ে।

ইয়াৰ পূৰ্বেও হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গগৈ উপাধিক লৈ তুচ্চ তাচিল্য কৰিছিল বুলি তৰুণ গগৈয়ে সংবাদ মেলত কয়।

তদুপৰি, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা অভিনয়ত পাকৈত বুলিও ব্যঙ্গ কৰি গগৈয়ে ৰীমা দাসৰ পৰিৱৰ্তে সৰ্বা-হিমন্তক অস্কাৰলৈ পঠাব লাগিছিল বুলি মন্তব্য কৰে।

অসমৰ পৰ্যটন ক্ষেত্ৰতো কোনোধৰণৰ উন্নতি হোৱা নাই বুলি গগৈয়ে অভিযোগ কৰি প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেচাডৰ বনাই তেওঁৰ লগত মাত্ৰ মন্ত্ৰী সকলে চেলফিহে উঠিছে বুলিও গগৈয়ে মত প্ৰকাশ কৰে।

তদুপৰি, বড়ো শান্তি চুক্তি সন্দৰ্ভতো তেওঁ মত ব্যক্ত কৰি বড়ো শান্তি চুক্তি কংগ্ৰেছৰ দিনতে হৈছিল মাত্ৰ বিজেপিয়ে এতিয়া শান্তি চুক্তিৰ  নামত লিপিষ্টিকহে লগাইছে বুলিও সমালোচনা কৰে।

‘‘বিজেপি চৰকাৰে এতিয়া মানুহৰ মাজত ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰি আবেগিক কৰি ৰাজনীতি কৰিছে। অসমত আমি জিন্নাৰ ৰাজনীতি বিচৰা নাই।  কংগ্ৰেছ দলে অসমত মহাত্মা গান্ধীৰ আদৰ্শৰ ৰাজনীতি বিচাৰিছো,’’ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়।

সংবাদ মেলতে কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী কৰে তৰুণ গগৈয়ে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd