• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেংকসমূহ ৰাষ্ট্ৰীয়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা SBIৰ প্ৰাক্তন অধ্যক্ষ ধ্ৰুব নাৰায়ণ ঘোষৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2023 1:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বেংকসমূহ ৰাষ্ট্ৰীয়কৰণৰ ক্ষেত্ৰত চৰকাৰৰ কৌশল প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ধ্ৰুব নাৰায়ণ ঘোষৰ মঙলবাৰে কলকাতাৰ এখন চিকিৎসালয়ত মৃত্যু হয়। ছয় দশকৰো অধিক দীঘলীয়া কেৰিয়াৰত আমোলাতন্ত্ৰ, একাডেমী, বিত্ত আৰু কৰ্পৰেটৰ জগতখনক সামৰি লোৱা ঘোষৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৫ বছৰ। তেওঁ পত্নী, কন্যা, জোঁৱাই আৰু নাতিনীয়েকক এৰি থৈ যায়।

১৯২৮ চনৰ ৬ আগষ্টত কোচবেহাৰত জন্মগ্ৰহণ কৰা, বহুকেইখন গ্ৰন্থৰ লিখক ঘোষে কলিকতাৰ প্ৰেচিডেন্সি কলেজ (বৰ্তমান প্ৰেচিডেন্সি ইউনিভাৰ্চিটি)ৰ পৰা অৰ্থনীতি বিজ্ঞান অধ্যয়ন কৰিছিল।

তেওঁক জ্যেষ্ঠ আমোলা পিছলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ প্ৰধান সচিব হোৱা  পি.এন. হাক্সাৰে ১৯৬৯ চনত বেংক ৰাষ্ট্ৰীয়কৰণৰ কৌশল প্ৰণয়ন কৰিবলৈ মাতি অনা বুলি জনা গৈছিল।তেতিয়া ঘোষ বিত্ত মন্ত্ৰালয়ৰ বেংকিং বিভাগত আছিল।

Apply Now

লগতে পঢ়কঃ ধৰ্ষণ, গণহত্যাৰে জৰ্জৰিত চুডান, গৃহহীন ৬০ লাখ লোক; অৰ্ধসামৰিক বাহিনীৰ হাতত বিপৰ্যস্ত সেনা

১৯৭৫-৭৬ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইকনমিক্স এণ্ড প্লেনিঙৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮১ চনত কলিকতাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত ডেভেলপমেন্ট ফাইনেন্স বিভাগৰ অধ্যাপক আছিল।

পিছলৈ ভাৰতীয় ষ্টেট বেংকৰ দ্বাদশ অধ্যক্ষ হিচাপে ১৯৮৫ চনৰ ১৩ মে’ৰ পৰা ১৯৮৯ চনৰ ১২ মে’লৈকে দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংকৰ নেতৃত্ব দিয়ে। তেওঁ  এছ বি আইৰ মাৰ্চেণ্ট বেংকিং বিভাগক এটা পৃথক কোম্পানী — এছ বি আই কেপিটেল মাৰ্কেটছলৈ স্থানান্তৰিত কৰাত মূল ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ নিজৰ কাৰ্যকালত আন্তঃৰাষ্ট্ৰীয় ৰেটিং এজেন্সী এছ এণ্ড পি গ্ল’বেল ৰেটিংছৰ পৰাও বেংকটোৱে ৰেটিং লাভ কৰিছিল।

লগতে পঢ়কঃ ৱানখেড়েত মেক্সৱেলৰ অবিশ্বাস্য প্ৰদৰ্শন! কি ক’লে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীৰ ভাৰতীয় পত্নীয়ে?

এছ বি আইৰ পৰা অৱসৰ লোৱাৰ পিছত ঘোষে ফিলিপছ, এল এণ্ড টি, আই আই এম লক্ষ্ণৌ, সুন্দৰম বি এন পি পৰিবাছ এচেট মেনেজমেণ্ট কোম্পানী, মেনেজমেণ্ট ডেভেলপমেণ্ট ইনষ্টিটিউট, গুৰগাঁও, পিয়াৰলেছ জেনেৰেল ফাইনেন্স এণ্ড ইনভেষ্টমেণ্ট কোম্পানী লিমিটেড, দামোদৰ চিমেণ্ট এণ্ড স্লেগ লিমিটেড, বিৰলা কৰ্পৰেশ্যন লিমিটেড, এইচ ডি এফ চি আৰু টাটা গ্ল’বেল বেভাৰেজ, আই চি আৰ এ আদিকে ধৰি কেইবাটাও ব্যক্তিগত খণ্ডৰ ব’ৰ্ডত কাৰ্যনিৰ্বাহ কৰিছিল।

I agree entirely! D.N. Ghosh was one of a kind that is endangered now. He played a pivotal role in the nationalisation of banks July 1969 that I have described in detail in my book, ‘Intertwined Lives: PN Haksar and Indira Gandhi’. His own memoir, ‘No Regrets’, is a huge… https://t.co/7l96kyk9en

— Jairam Ramesh (@Jairam_Ramesh) November 8, 2023

তেওঁ প্ৰসিদ্ধ ইকনমিক এণ্ড পলিটিকেল উইকলি প্ৰকাশ কৰা সমীক্ষা ট্ৰাষ্টৰ মেনেজিং ট্ৰাষ্টীও আছিল।

জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ডি এন ঘোষৰ মৃত্যুৰ পিছত বেংক ৰাষ্ট্ৰীয়কৰণত তেওঁ গ্ৰহণ কৰা ভূমিকাৰ কথা উল্লেখ কৰি এক্স হেণ্ডেলত তেওঁৰ সৈতে দীঘলীয়া সান্নিধ্যৰ কথা সোঁৱৰণ কৰিছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd