NORTHEAST NOW (Assamese)

বিতৰ্কৰ মুখত পৰি বাদ পৰিল চন্দ্ৰচুড়! ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদত ভি ৰামসুব্ৰমনিয়ণ

December 24, 2024 11:31 am · এন ই নাও নিউজ, নতুন দিল্লী
Updated: December 24, 2024 11:34 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই বিচাৰিছিল যে যোৱা মাহত অৱসৰ গ্ৰহণ কৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হওক। কিন্তু অৱশেষত এই পদৰ বাবে নিৰ্বাচিত হ’ল উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভি ৰামসুব্ৰমনিয়ণ।

অহা ২০২৭ চনৰ ডিচেম্বৰ পৰ্যন্ত তেওঁ এই পদত অধিষ্ঠিত থাকিব। যোৱা বছৰ তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক কিয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ কৰিব পৰা নগ’ল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এখন কমিটীয়ে আয়োগৰ অধ্যক্ষ পদৰ বাছনিৰ কাম কৰে। কমিটীৰ বাকী তিনিজন সদস্য হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাজুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী।

যোৱা জুন মাহত ন্যায়াধীশ অৰুণ মিশ্ৰই অৱসৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদ খালী হৈ পৰিছিল। যোৱা মাহত চন্দ্ৰচুড়ৰ অৱসৰ লোৱাৰ পিছত এই পদ পূৰণৰ বাবে চৰকাৰে উদ্যোগ লৈছিল।

জানিব পৰা মতে, বৈঠকৰ সময়ত সমিতিৰ মুৰব্বী প্ৰধানমন্ত্ৰী মোডীয়ে ডি ৱাই চন্দ্ৰচুড়ক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ বনোৱাৰ প্ৰস্তাৱ দিছিল আৰু ৰাহুল গান্ধী আৰু খাৰ্গেই তাত তীব্ৰ আপত্তি কৰিছিল।

মুখ্য ন্যায়াধীশ হিচাপে চন্দ্ৰচুড়ৰ কামক লৈ বিভিন্ন পক্ষৰ পৰা সমালোচনা অব্যাহত আছে। অভিযোগ উত্থাপন হৈছে যে তেওঁ দিয়া কেইবাটাও ৰায় দেশৰ বাবে ক্ষতিকাৰক হৈছে। সেয়ে চন্দ্ৰচুড়ৰ নামক লৈ কোনো একমত হ’ব পৰা নগ’ল।

একাধিক সূত্ৰৰ মতে ন্যায়াধীশ চন্দ্ৰচুড়েও বিতৰ্কৰ বাবে মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হ’বলৈ অনিচ্ছা প্ৰকাশ কৰে। তদুপৰি মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদৰ বাবে নূন্যতম অৰ্হতা হ’ল উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ। সেইক্ষেত্ৰত চন্দ্ৰচুড় মুখ্য ন্যায়াধীশ আছিল।

Related News