তেজপুৰৰ প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান

বিশিষ্ট আমোলা, ৰাজনীতিবিদ, ব্যৱস্থাপনা পৰামৰ্শদাতা, অধিবক্তা তথা জ্যেষ্ঠ নাগৰিক ইশ্বৰ প্ৰসন্ন হাজৰিকাই দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত সোমবাৰে পুৱা ৯.৩০ বজাত নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বয়স আছিল ৮৭ বছৰ।

১৯৩৭ চনত উত্তৰ লখিমপুৰত জন্মগ্ৰহণ কৰা হাজৰিকাই প্ৰাথমিক জীৱনত ১৯৫১ চনত তেতিয়াৰ অবিভক্ত অসম ৰাজ্যৰ মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰি কৃতিত্ব অৰ্জন কৰে।

বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত লণ্ডনৰ প্ৰতিষ্ঠিত লিংকন’ছ ইনৰ পৰা বাৰ এট ল ডিগ্ৰী লাভ কৰে।

হাজৰিকাই তেওঁৰ বৰ্ণাঢ্য কাৰ্যকালত বিভিন্ন ৰাজহুৱা সেৱাৰ পদবীত সুদক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল।

লগতে পঢ়কঃ আপুনিতো ৪০০ কোটি টকা লাভ কৰিছে, তেন্তে ইমান খং কিয়! গোৱেংকাক কটাক্ষ ছেহৱাগৰ

১৯৮১-৮৯ চনত তেওঁ ৰাজহুৱা উদ্যোগৰ স্থায়ী সন্মিলনৰ (SCOPE) এক্সিকিউটিভ ভাইচ-চেয়াৰমেন আৰু SCOPE ৰ কাৰ্যবাহী ব’ৰ্ডৰ সদস্য আছিল; ১৯৮১-৮৮ লৈ ভাৰতৰ এন টি পি চি, এছ টি চি আৰু এম এম টি চিৰ ব’ৰ্ডৰ সঞ্চালক, ১৯৮৭-৯৪ লৈ ব’ৰ্ড অৱ গভৰ্ণৰ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ফৰেইন ট্ৰেড, নতুন দিল্লীৰ সদস্য; ১৯৮৮-৮৯ লৈ ভাৰত ডাইমণ্ড হাউচ বৌৰ্ছ, বম্বেৰ প্ৰেছিডেন্ট; ১৯৮৮-৯০লৈ এম.এম.টি.চি. অফ ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক; ১৯৯৪-৯৬লৈ  ৰাজ্যিক পৰিকল্পনা ব’ৰ্ড, অসমৰ সদস্য আৰু ১৯৯৫-৯৬লৈ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অধ্যক্ষকে আদি কৰি বহু গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল।

এগৰাকী বহুলভাৱে ভ্ৰমণ কৰা পেছাদাৰী হাজৰিকা ১৯৮২চনত জেনেভাত অনুষ্ঠিত I.L.O. কনফাৰেন্সত ভাৰতীয় প্ৰতিনিধি দলৰ সদস্য আছিল, ১৯৮৪ চনত এণ্টৱাৰ্পত ৱৰ্ল্ড ডাইমণ্ড কংগ্ৰেছ, ১৯৮৬ চনত বেলগ্ৰেডত এছ’চিয়েচন অৱ ষ্টেট ট্ৰেডিং অৰ্গেনাইজেচন, ১৯৮৯ চনত বুডাপেষ্টত আৰু ১৯৯০ চনত নিউয়ৰ্কত  ইন্টাৰনেচনেল ফাৰ্টিলাইজাৰ কনফাৰেঞ্চ আৰু আৰু ডিপিআৰ কোৰিয়া, ব্ৰাজিল, ৰোমানিয়া, থাইলেণ্ড, ইউএছএছআৰ, জিম্বাবুৱেলৈ বাণিজ্য প্ৰতিনিধি দলৰ সদস্য আছিল।

লগতে পঢ়কঃ মানুহৰ শৰীৰত গাহৰিৰ কিডনি প্ৰতিস্থাপন! দুমাহৰ ভিতৰত মৃত্যুক সাৱটিলে গ্ৰহণকাৰী বৃদ্ধই

১৯৯৬ চনৰ পৰা ১৯৯৮ চনলৈ তেওঁ কংগ্ৰেছ দলৰ পৰা তেজপুৰ সংসদীয় সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈ সংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সোমবাৰে নতুন দিল্লীৰ লোডী ৰোড শ্মশানত তেওঁৰ  শেষকৃত্য সম্পন্ন কৰা হয়।

মৃত্যুৰ সময়ত হাজৰিকাই পত্নী, দুই পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ গৈছে।

তেওঁৰ মৃত্যুত অসমৰ লগতে সমগ্ৰ দেশতে বিভিন্নজনে শোক প্ৰকাশ কৰিছে।