ডোনাল্ড ট্ৰাম্পৰ ফ্ল’ৰিডাৰ ঘৰত এফবিআইৰ অভিযান; চন্দুক ভাঙি বিচাৰিলে নথি!

ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেচন (FBI)য়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ফ্ল’ৰিডাৰ ঘৰত অভিযান চলাইছে। গোপন নথিপত্ৰৰ সন্ধানত এইদৰে তালাচী অভিযান চলোৱা বুলি কোৱা হৈছে।

ডোনাল্ড ট্ৰাম্পে নিজেই এটা বিবৃতিত এই তথ্য সদৰী কৰিছে। সোমবাৰে এফবিআইৰ চোৰাংচোৱা বিষয়াসকলে পাম বীচত ট্ৰাম্পৰ বিলাসী ‘মাৰ-এ-লাগো’ ৰিজৰ্টত অভিযান চলায়।

লগতে পঢ়ক: বিহাৰৰ ৰাজনীতিৰ দৃশ্যপট সলনি! এইবাৰ ৰাজ্যপালক লগ কৰিবলৈ সময় বিচাৰিলে নীতিশ কুমাৰে

অৱশ্যে এফবিআইয়ে কি বিচাৰি এই অভিযান চলাইছে  সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বাতৰি অনু সৰি, হোৱাইট হাউছ এৰি যোৱাৰ সময়ত ট্ৰাম্পে কিবা গোপন নথি লৈ গৈছিল নেকি তাকেই এফবিআইয়ে চাব বিচৰা বুলি কোৱা হৈছে।

ইয়াৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ নেশ্যনেল আৰ্কাইভৰ ফালৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগক ট্ৰাম্পৰ ঘৰ আৰু কাৰ্যালয়ত তালাচী চলাবলৈ অনুৰোধ জনাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমে এনে কাৰণতে এফবিআইৰ এই পদক্ষেপ হ’ব পাৰে বুলি অনুমান কৰিছে।

লগতে পঢ়ক: CWG 2022 India Medal Tally: চাৰি নম্বৰ স্থানেৰে সামৰণি ভাৰতৰ; চাওক ভাৰতৰ সম্পূৰ্ণ পদক তালিকা

ঘৰত আকস্মিকভাৱে তালাচী অভিযানৰ সমালোচনা কৰি ট্ৰাম্পে কয় যে তেওঁ নিজেই তদন্তকাৰীসকলক সকলো ধৰণে সহায় কৰিবলৈ সাজু। সেয়ে একো নজনোৱাকৈ ঘৰত প্ৰৱেশ কৰাৰ কোনো প্ৰয়োজন নাছিল।