Bihar political crisis বিহাৰৰ নীতিশ কুমাৰৰ জেডি(ইউ)য়ে পুনৰ বিজেপিৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰিব নেকি? পাটনাত ৰাজনৈতিক পৰিৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে মঙলবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত ৰাজ্যপালক লগ কৰিবলৈ সময় বিচাৰিছে।
নীতিশ কুমাৰৰ জেডি(ইউ) আৰু বিজেপিৰ মাজৰ শীতল যুঁজখন দীৰ্ঘদিন ধৰি ৰাজনৈতিক মহলে লক্ষ্য কৰি আহিছিল। শেহতীয়াকৈ দুয়োটা শিবিৰৰ মাজৰ সম্পৰ্ক আৰু অৱনমিত হৈছে।
নীতিশ কুমাৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ নীতি আয়োগৰ বৈঠকত উপস্থিত নাছিল। তাৰপিছতে বিষয়টোৱে চৰ্চা লাভ কৰে। এসময়ত নীতিশ কুমাৰৰ ঘনিষ্ঠ বুলি পৰিচিত জেডি(ইউ)ৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি আৰ চি পি সিঙে দল ত্যাগ কৰে। নীতিশৰ আপত্তি স্বত্বেও তেওঁক কেন্দ্ৰীয় মন্ত্ৰিত্ব দিয়াৰ পিছতে জটিলতা বৃদ্ধি পাইছিল।
লগতে পঢ়ক: CWG 2022 India Medal Tally: চাৰি নম্বৰ স্থানেৰে সামৰণি ভাৰতৰ; চাওক ভাৰতৰ সম্পূৰ্ণ পদক তালিকা
নীতিশে ৰাজ্যসভাৰ বাবে আৰচিপি সিঙক মনোনীত কৰা নাছিল। বৰঞ্চ নীতিশে তেওঁৰ সম্পত্তিৰ তদন্ত কৰাৰ ইংগিত দিছিল। এনে পৰিস্থিতিত আৰচিপিয়ে দল ত্যাগ কৰে আৰু নীতিশৰ বিৰুদ্ধে বিদ্ৰোহৰ বাণ এৰে।
এই ঘটনা প্ৰবাহৰ পিছতে জেডি(ইউ)য়ে মোডী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটত ইয়াৰ দলৰ কোনো প্ৰতিনিধি নাথাকিব বুলি ঘোষণা কৰিছিল। তাৰপিছতে নীতিশ আৰু বিজেপিৰ মাজৰ দূৰত্ব আৰু অধিক স্পষ্ট হৈ পৰে।
সেয়াই নহয়, ঘোষণাৰ লগে লগে নীতিশ কুমাৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক ফোন কৰে। ফলত এই চৰ্চাই এক নতুন মাত্ৰা লাভ কৰে। ইয়াৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰীয়ে দলৰ বিধায়কসকলৰ সৈতে এখন বৈঠক আহ্বান কৰে। আৰজেডি আৰু কংগ্ৰেছেও বিধায়কসকলৰ সৈতে পৃথক বৈঠক আহ্বান কৰে। এই ঘটনাই বিহাৰৰ ৰাজনৈতিক দৃশ্যপটত পৰিৱৰ্তনৰ সম্ভাৱনা গভীৰ কৰি তোলে।
লগতে পঢ়ক:আসাম ৰাইফলছৰ শিবিৰত সন্দেহযুক্ত এন এছ চি এন (কে)-আলফা (স্বাঃ) উগ্ৰপন্থীৰ গুলীচালনা
ইপিনে, আৰজেডি আৰু কংগ্ৰেছে পুৰণি স্মৃতি আঁতৰাই ৰাখি পুনৰ জেডি(ইউ)ৰ সৈতে হাত মিলাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ২০২০ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত নীতিশে দলৰ বৃহৎ সংখ্যক আসন হেৰুৱাইছে আৰু সংখ্যাৰ হিচাপত তেওঁৰ দল তিনি নম্বৰলৈ অৱনমিত হৈছে!
লালু প্ৰসাদৰ আৰজেডি এই মুহূৰ্তত ৰাজ্য বিধানসভাৰ সৰ্ববৃহৎ দল। ইয়াৰ নেতা হৈছে তেজস্বী যাদৱ। আসনৰ সংখ্যা বিবেচনা কৰি যদি লালু-নীতিশ আৰু কংগ্ৰেছ একত্ৰিত হয় তেন্তে চৰকাৰ সহজে গঠন হ’ব। যদি এই সম্ভাৱনা সঁচা হয় তেন্তে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে হিন্দী হাৰ্টলেণ্ডৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্যত ক্ষমতাৰ পৰা আঁতৰি যাব লাগিব। এইটো মোডী বাহিনীৰ বাবে এটা ডাঙৰ ব্যৰ্থতা বুলিয়েই বিবেচিত হ’ব।