নুমলীগড়ত ‘কাজিৰঙা নিউজ নেটৱৰ্ক’ৰ প্ৰতিস্থা দিৱস; কাজিৰঙা বঁটা ২০১৮ ঘােষণা

kaziranga news network

গােলাঘাট জিলাৰ অন্যতম সংবাদ প্ৰতিষ্ঠান ‘কাজিৰঙা নিউজ নেটৱর্ক’ৰ পঞ্চদশ প্রতিস্থা দিৱসৰ লগত সংগতি ৰাখি আজি নুমলীগড় হাইস্কুলৰ প্রেক্ষাগৃহত প্ৰটিষ্ঠানটোৰ দ্বাৰা প্ৰদান কৰিব লগীয়া ‘কাজিৰঙা বঁটা-২০১৮’ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

উল্লেখযোগ্য যে নিউজ নেটৱর্কে যােৱা ১৪ বছৰ ধৰি গােলাঘাট তথা ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰা ব্যক্তিক উৎসাহিত কৰাৰ উদ্দেশ্যে ‘কাজিৰঙা বঁটা’ প্ৰদান কৰি আহিছে।

নিউজ নেটৱর্কে জানিবলৈ দিয়া অনুসৰি কাজিৰঙা বঁটাৰ অন্তৰ্গত গােলাঘাট জিলা ভিত্তিত বানেশ্বৰ মহন্ত সোঁৱৰণী শ্ৰেষ্ঠ সাংবাদিক বঁটা নিউজ ১৮ অসম, নর্থইষ্টৰ গােলাঘাটৰ সাংবাদিক ৰােহিত গগৈক প্ৰদান কৰা হ’ব।

তদুপৰি দেৰগাঁও ৰেডিয়েন্ট জুনিয়ৰ কলেজৰ অভিজ্ঞান শর্মা গগৈক জিলা ভিত্তিত মহেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী শ্রেষ্ঠ শৈক্ষিক বঁটা, কুৰালগুৰি হাইস্কুলৰ সমুজ্জল দত্তক জিলা ভিত্তিত ডিম্বেশ্বৰ শইকীয়া সোঁৱৰণী শ্রেষ্ঠ শৈক্ষিক বঁটা, বােকাখাতৰ বিশাল চাংমাইক (আৰ্চাৰী) কমলা নাথ সোঁৱৰণী উদীয়মান ক্রীড়া বঁটা আৰু বােকাখাত ৰজাবাৰীৰ সুদৰ্শন হাজৰিকাক সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণী নবীন সাহিত্য বঁটা প্ৰদান কৰা হ’ব বুলি কাজিৰঙা নিউজ নেটৱৰ্কে জনাইছে।

আনহাতে তেজপুৰৰ ‘তেজপুৰীয়া থেপিয়ান’ দলৰ পৰিচালক মুখ্যধৰ দাসলৈ ধনীল বৰঠাকুৰ সোঁৱৰণী অসম ভিত্তিত নবীন সাংস্কৃতিক কর্মী বঁটা আগবঢ়োৱা হ’ব বুলিও লগতে জানিবলৈ দিয়া হয়।

অহা বৰ্ষৰ জানুৱাৰিত নুমলীগড়ত অনুষ্ঠিত হ’বলগীয়া এক বর্ণাঢ্য অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দি  বঁটাৰ লগত নগদ ধন, অংগবস্ত্র, স্মাৰক আৰু প্রমান পত্ৰ থাকিব।

পঞ্চায়ত নির্বাচন আৰু পৰীক্ষাৰ বাবে বঁটাসমূহ আজি প্ৰতিষ্ঠা দিৱসৰ নির্ধাৰিত সময়ত প্ৰদান কৰিব পৰা নগ’ল বুলিও জনাইছে কাজিৰঙা নিউজ নেটৱৰ্কে । যথা সময়ত বঁটা প্রাপকক সবিশেষ জনােৱা হ’ব।