• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

১৩ মে’ত কুকি সংখ্যাগৰিষ্ঠ কাংপকপি জিলাত তিনিজন কুকি-জো গীৰ্জাৰ নেতাক অতৰ্কিত আক্ৰমণ কৰি হত্যা কৰাৰ পিছৰে পৰা অচিনাক্ত আক্ৰমণকাৰীয়ে কমেও ২৫ জন কুকি-জো আৰু নগা সাধাৰণ নাগৰিকক হত্যা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2026 9:46 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত অচিনাক্ত বন্দুকধাৰীৰ দুটাকৈ আক্ৰমণত কুকি-জো সম্প্ৰদায়ৰ চাৰিজন লোক নিহত হৈছে। ইয়াৰে দুজন স্বামী-স্ত্ৰী। এই আক্ৰমণত এটি ছবছৰীয়া শিশু গুলীবিদ্ধ হোৱা বুলিও আৰক্ষীয়ে জানিবলৈ দিছে।

মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ সূত্ৰই জনোৱা মতে, নগা সংখ্যাগৰিষ্ঠ টামেনলং জিলাৰ দুৰ্গম কুকি-জো গাঁৱত পুৱাৰ ভাগত উগ্ৰপন্থীৰ আক্ৰমণত লিংজাংগাই সিংছিট আৰু তেওঁৰ স্বামী ছেইনেহ সিংছিট নিহত হয়। আৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণত আহত হয় দম্পতীহালৰ ছবছৰীয়া পুত্ৰ হেনমিছনাং। শিশুটিক উন্নত চিকিৎসাৰ বাবে অসমৰ শিলচৰলৈ লৈ অনা হৈছে। তেওঁৰ ডাঙৰ ভায়েক দুজন কথমপি ৰক্ষা পৰে।

দেওবাৰে বিয়লি টামেনলঙৰ সীমান্তৱৰ্তী নগা সংখ্যাগৰিষ্ঠ নোনি জিলাৰ লংপি গাঁৱত সংঘটিত হয় দ্বিতীয়টো আক্ৰমণ। কুকি-জো সম্প্ৰদায়ৰ এগৰাকী নেতাই জনোৱা মতে, ঘৰুৱা কাম কৰি থকাৰ সময়তে ৰ’ৱেল গাংটে আৰু জুলি সিংছন নামৰ এজন পুৰুষ আৰু এগৰাকী মহিলাই অতৰ্কিত আক্ৰমণত নিহত হয়। ৱেষ্টাৰ্ণ ভিলেজ ভলন্টিয়াৰৰ ওবেদ সিংছনে জনায় যে জুলি গৰ্ভৱতী আছিল।

Apply Now

১৯৯৩ চনৰ আজিৰ দিনটোতে আৰম্ভ হোৱা কুকি-নগা সংঘাতত নিহত সম্প্ৰদায়ৰ লোকসকলৰ স্মৃতিত কুকি-জো সম্প্ৰদায়ে ১৩ ছেপ্টেম্বৰক ‘সাহানীত নি’ বা ‘কুকি ক’লা দিৱস’ হিচাপে পালন কৰে।

কুকি-জো সংগঠনসমূহে দাবী কৰে যে ১৯৯৭ চনলৈকে চলি থকা হিংসাত্মক পৰিস্থিতিত তেওঁলোকৰ সম্প্ৰদায়ৰ কমেও ১১৫৭ জন লোক নিহত হৈছিল। কোৱা হয় যে ১৯৯৩ চনৰ ১৩ ছেপ্টেম্বৰত মণিপুৰৰ নগা সংখ্যাগৰিষ্ঠ টামেনলং আৰু সেনাপতি জিলাত প্ৰায় ১১৫ জন কুকি-জোক নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালিম (ইছহাক-মুইভা) উগ্ৰপন্থীয়ে হত্যা কৰিছিল।

দুই গোষ্ঠীৰ মাজত অঞ্চলটোৰ অধিকাৰক লৈ হোৱা এই সংঘৰ্ষত দুই শতাধিক নগা নিহত হয়। অৱশ্যে এই অঞ্চলৰ পৰা মৃত, আহত আৰু স্থানচ্যুত হোৱা লোককে ধৰি কুকিসকলেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ২০২৩ চনৰ ৩ মে’ৰ পৰা উদ্ভৱ হোৱা নতুন গোষ্ঠীগত সংঘৰ্ষতো কুকি জনগোষ্ঠীৰে সৰ্বাধিক নিহত হৈছে। চলি থকা সংঘাতত মেইতেই সম্প্ৰদায়ে কুকিৰ সৈতে যুঁজি আছে। মণিপুৰৰ কেইবা ঠাইত নগাই মেইতেৰ পক্ষ লৈ কুকিৰ বিৰুদ্ধে যুঁজ দিছে।

চৰকাৰী সূত্ৰই এই আক্ৰমণৰ কথা স্বীকাৰ কৰি অঞ্চলটোত অতিৰিক্ত বাহিনী মোতায়েন কৰা বুলি জানিবলৈ দিছে। এক বিবৃতিত এল টলেন গাঁও কৰ্তৃপক্ষই কয় যে “আমাৰ শান্তিপূৰ্ণ গাঁও”ত হোৱা আক্ৰমণক গৰিহণা দিছো। এই ঘটনাৰ বাবে তেওঁলোকে এন এছ চি এন-আই এম আৰু জি ইউ এফ-কে নামৰ দুটা নগা উগ্ৰপন্থী সংগঠনক জগৰীয়া কৰিছে।

বিবৃতিটোত অভিযোগ কৰা হৈছে যে “কুকি-জো গাঁৱৰ লোকসকলক তেওঁলোকৰ (এন এছ চি এন-আই এমৰ) বৃহত্তৰ নাগালিম এজেণ্ডা কাৰ্যকৰী কৰিবলৈ তেওঁলোকৰ পূৰ্বপুৰুষৰ মাটিৰ পৰা আতংকিত কৰি, উচ্ছেদ আৰু জাতিগতভাৱে নিৰ্মূল কৰাৰ এক পৰিকল্পিত আৰু ইচ্ছাকৃত প্ৰচেষ্টা চলোৱা হৈছে।”

নগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশ, অসম আৰু ম্যানমাৰৰ নগা প্ৰধান অঞ্চলকে ধৰি এক অবিভক্ত নগা ৰাজ্যৰ বাবে কেন্দ্রৰ সৈতে শান্তি আলোচনাত লিপ্ত হোৱা এন এছ চি এন-আই এমে হেঁচা দি আছে। মণিপুৰ, অৰুণাচল আৰু অসমে স্বাভাৱিকতে এই দাবীৰ বিৰোধিতা কৰে।

১৩ মে’ত কুকি সংখ্যাগৰিষ্ঠ কাংপকপি জিলাত তিনিজন কুকি-জো গীৰ্জাৰ নেতাক অতৰ্কিত আক্ৰমণ কৰি হত্যা কৰাৰ পিছৰে পৰা অচিনাক্ত আক্ৰমণকাৰীয়ে কমেও ২৫ জন কুকি-জো আৰু নগা সাধাৰণ নাগৰিকক হত্যা কৰিছে।

নগা সংগঠন আৰু বিধায়কসকলে ১৩ মে’ত কাংপকপিত অপহৃত আৰু পিছত হত্যা কৰা ছয়জন নগা লোকৰ ন্যায়ৰ দাবী জনাই আহিছে। হিংসাৰ বাবে দুয়োপক্ষই আন সম্প্ৰদায়ৰ স্বাৰ্থৰ হকে কাম কৰা উগ্ৰপন্থী সংগঠনক জগৰীয়া কৰে।

দেওবাৰৰ হত্যাকাণ্ডই পাহাৰীয়া অঞ্চলটোৰ অস্বস্তিকৰ নিৰাপত্তা পৰিস্থিতিৰ দিশটোকে তুলি ধৰিছে, য’ত বৃহৎ সংখ্যক কুকি-জো আৰু নগা সম্প্ৰদায়ৰ লোকে বাস কৰে। ২০২৩ চনৰ ৩ মে’ৰ পৰা আৰম্ভ হোৱা মেইটেই-কুকি অশান্তি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে ৰাজ্যখনে সংগ্ৰাম কৰি আছে।

এল টলেনৰ গাঁও কৰ্তৃপক্ষই এল টলেন আৰু ইয়াৰ আশে-পাশে থকা কুকি গাঁওসমূহত পৰ্যাপ্ত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী নিয়োগ কৰা, এফ আই আৰ দাখিল কৰা, স্বতন্ত্ৰ আৰু স্বচ্ছ তদন্ত আৰু গ্ৰেপ্তাৰৰ দাবী জনাইছে। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগকে ধৰি অন্যান্য কৰ্তৃপক্ষক অধিক নিৰীহ লোকৰ প্ৰাণ হেৰুৱাৰ পূৰ্বে তৎক্ষণাত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।

আনহাতে, জনগোষ্ঠীয় বিভাজনৰ চেষ্টাৰ অভিযোগ তুলি কাইমাইৰ গাঁও কৰ্তৃপক্ষইও এই আক্ৰমণক গৰিহণা দিছে। কাইমাই এখন নগা গাঁও।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd