NORTHEAST NOW (Assamese)

নগাঁৱৰ ধৰমতুলত ৪গৰাকী চোৰাং কাঠ বেপাৰীৰ আত্মসমৰ্পণ

May 18, 2019 6:33 pm · এন ই নাও নিউজ
Updated: May 18, 2019 6:37 pm
প্ৰতিনিধিত্বমূলক ছবি

নগাঁও জিলাৰ ধৰমতুল ৰেঞ্জত আজি ৪গৰাকীকৈ দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰীয়ে আত্মসমৰ্পণ কৰে। ধৰমতুলৰ ৰেঞ্জাৰ সঞ্জীৱ বৰদলৈৰ ওচৰত আত্মসমৰ্পণৰ সময়ত চোৰাং কাঠ বেপাৰীকেইজনে কাঠ কটা কৰট, কুঠাৰ আদি বিভিন্ন সামগ্ৰী জমা দিয়ে।

প্ৰাপ্ত তথ্য মতে দীৰ্ঘদিনৰ পৰা ধৰমতুল আৰু আমচৈ সংৰক্ষিত বনাঞ্চলত কাঠৰ চোৰাং বেপাৰ চলাই অহা চোৰাং বেপাৰী কেইজনক সুশীল পাটৰ, গোবিন্দ্ৰ পাটৰ, শুভম পাটৰ আৰু অমিত টিমুং বুলি চিনাক্ত কৰা হৈছে।

ৰেঞ্জাৰ সঞ্জীৱ বৰদৈলয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ লগতে স্থানীয় গাঁওবাসীৰ সহায় সহযোগত চোৰাং কাঠ বেপাৰী কেইজনে আত্মসমৰ্পণ কৰে।

উল্লেখযোগ্য যে তেওঁ ধৰমতুল ৰেঞ্জৰ ৰেঞ্জাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ৩ মাহৰ ভিতৰত আজিৰ ৪ গৰাকীক ধৰি এতিয়ালৈকে মুঠ ৯ গৰাকী চোৰাং কাঠ বেপাৰীয়ে আত্মসমৰ্পণ কৰিছে বুলি সঞ্জীৱ বৰদৈলয়ে জনায়।

Related News