জেষ্ঠ কংগ্ৰেছী নেতা তথা চাৰিবাৰৰ গুজৰাটৰ মুখ্য মন্ত্ৰী মাধবিনেশ চোলাংকিৰ শনিবাৰে দেহাৱসান ঘটে।
জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীৰ ৯৩ বছৰ বয়সত গান্ধীনগৰত থকা নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।
জেষ্ঠ কংগ্ৰেছী নেতা চোলাংকিয়ে ১৯৯১ চনৰ জুনৰ পৰা ১৯৯২ চনৰ মাৰ্চলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন গুজৰাটৰ মুখ্য মন্ত্ৰী মাধবিনেশ চোলাংকিৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰে।
‘‘তেওঁৰ সৈতে প্ৰতিবাৰ মিলিত হওঁতে হোৱা আমাৰ কথোপকথন মই সদায় মনত ৰাখিম,’’ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ো গুজৰাটৰ জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰে
জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে গুজৰাটৰ পৰা দুবাৰ ৰাজ্যসভাৰ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল।
নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্য মন্ত্ৰী হোৱাৰ পূৰ্বে মাধবিনেশ চোলাংকি গুজৰাটৰ দীৰ্ঘসময় কাৰ্য্যনিৰ্বাহ কৰা মুখ্য মন্ত্ৰী আছিল।