নিশা কলিয়াবৰত অঘটন; উলুৱনী আৰক্ষী নিৱেশৰ আৱাসত গুলিবিদ্ধ হ’ল এটি চাৰিবছৰীয়া শিশু

Child injured in fathers service pistol.png final

ফটো: নৰ্থইষ্ট নাও।

নিশা কলিয়াবৰত সংঘটিত হৈছে এক অঘটন। উলুৱনী আৰক্ষী নিৱেশৰ আৱাসত গুলিবিদ্ধ হয় এটি চাৰিবছৰীয়া শিশু।

উলুৱনী আৰক্ষী নিৱেশৰ সহকাৰী উপ পৰিদৰ্শক তিলক বৰদলৈৰ চৰকাৰী আৱাসত নিশা নিজৰ চাৰ্ভিছ পিষ্টলৰ পৰা অসাৱধানবশত গুলি ফূটি গুলিবিদ্ধ হয় তিলক বৰদলৈৰ চাৰিবছৰীয়া পুত্ৰ মনোজ।

Also Read:Acid Attack: ভয়ংকৰ ঘটনা; লখিমপুৰত এচিড আক্ৰমণৰ ফলত আহত দুগৰাকী মহিলা

বৰ্তমান ভৰিত গুলিবিদ্ধ হোৱা কনমানি মনোজ তেজপুৰ চিকিৎস্যা মহাবিদ্যালয়ত চিকিৎস্যাধীন হৈ আছে ।

কিন্তু এজন দায়িত্বশীল আৰক্ষী উপ পৰিদৰ্শকৰ নিজৰ চৰকাৰী পিষ্টলৰ পৰা কেনেদৰে গুলি ফুটি নিজ পুত্ৰৰ ভৰিত লাগিল সেইয়া পৰৱৰ্তী তদন্ততহে পোহৰলৈ আহিব।

Also Read: মহানগৰীৰ বৰাগাঁওৰ গোসাইগাঁওত সংঘটিত নৃশংস হত্যাকাণ্ড; পিতৃৰ হাতত প্ৰাণ গ’ল কন্যাৰ!

বৰ্তমান আৱাসগৃহটো সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত তদন্ত প্ৰক্ৰিয়াত কিছু ব্যাঘাত জন্মিছে যদিও উৰ্দ্ধতম কৰ্তৃপক্ষৰ লগতে দণ্ডাধীশ আহি সম্পূৰ্ণ ঘটনাৰ তদন্ত অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে উলুৱনী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱ কুমাৰ দাসে।