• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফ্ৰান্সত অনাস্থা ভোটত হাৰিল প্ৰধানমন্ত্ৰী; ৩ মাহৰ ভিতৰতে পতন ঘটিল চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2024 11:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন ধৰি ফ্ৰান্সত ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছিল। সেই পৰিস্থিতিত নিৰ্বাচনৰ মাত্ৰ তিনিমাহৰ পিছতে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী মিচেল বাৰ্নিয়াৰে অনাস্থা ভোটত পৰাজিত হ’ল। ফলত ফ্ৰান্সত চৰকাৰৰ পতন ঘটিল। ইয়াৰ আগতে ১৯৬২ চনত ফ্ৰান্সত একেধৰণে চৰকাৰৰ পতন ঘটিছিল।

অনাস্থা ভোটত পৰাস্ত হোৱাৰ পিছত তেওঁ ফ্ৰান্সৰ প্ৰথমজন আটাইতকৈ কম সময়ৰ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়।  মিচেল বাৰ্নিয়াৰে শীঘ্ৰেই ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব।

Apply Now

জানিব পৰা মতে, পৰৱৰ্তী বাজেট দাখিলক কেন্দ্ৰ কৰি ফ্ৰান্সৰ ৰাজনৈতিক সংকট বৃদ্ধি পায়। এনে পৰিস্থিতিত বিৰোধীয়ে আস্থা ভোটৰ দাবী উত্থাপন কৰে। তাৰ ভিত্তিত বুধবাৰে ফ্ৰান্সৰ সংসদত ভোটদান অনুষ্ঠিত হয়। ফ্ৰান্সৰ ৫৭৭ আসনৰ নিম্ন সদনৰ ৩৩১ জন সদস্যই বাৰ্নিয়াৰৰ চৰকাৰক উৎখাত কৰিবলৈ ভোটদান কৰে।

সূত্ৰসমূহৰ মতে, ফ্ৰান্সত ক্ৰমবৰ্দ্ধমান বাজেট ঘাটিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বাবে দেশখনত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল। বাৰ্ণীয়ে সংসদীয় অনুমোদন অবিহনে বাজেট গৃহীত কৰিবলৈ বিশেষ ক্ষমতা ব্যৱহাৰ কৰাৰ বাবে অতি বাওঁপন্থী আৰু অতি সোঁপন্থী দলসমূহে ভোটৰ আহ্বান জনায়।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বাওঁপন্থী নিউ পপুলাৰ ফ্ৰণ্ট (এন এফ পি) মিত্ৰজোঁট আৰু সোঁপন্থী আৰ এন দলে একেলগে ভোটদান কৰি অনাস্থা প্ৰস্তাৱত বাৰ্নিয়াৰক অপসাৰণ কৰে।

অনাস্থা ভোটত হাৰি তেওঁ এতিয়া ফ্ৰান্সৰ ইতিহাসৰ আটাইতকৈ কম সময়ৰ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। ৭৩ বছৰীয়া বাৰ্নিয়াৰে মাত্ৰ ৯১ দিন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। একে সময়তে তেওঁৰ চৰকাৰ মাত্ৰ ৭৪ দিনহে চলিছিল। তেওঁ ফৰাচী সংবিধানৰ ৪৯ নং অনুচ্ছেদ ব্যৱহাৰ কৰি সামাজিক সুৰক্ষাৰ বাজেট বিধেয়কখন গৃহীত কৰিছিল। তাৰ পিছত বাৰ্নিয়াৰৰ চৰকাৰখনে অনাস্থাৰ ভোটৰ সন্মুখীন হ’বলগীয়া হয়। অৱশ্যে সেই বিধেয়কখন এতিয়া নাকচ কৰা হৈছে।

ইপিনে, তিনিমাহৰ ভিতৰতে চৰকাৰৰ পতনৰ ফলত ফ্ৰান্সত ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছে। কাৰণ ফ্ৰান্সৰ সংবিধান অনুসৰি যিহেতু তিনিমাহ আগতে ভোটদান হৈছিল, গতিকে এবছৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি। ফলত বাৰ্নিয়েৰৰ ঠাইত ৰাষ্ট্ৰপতিৰ হাতত বিকল্প কম থাকিব।

এনে পৰিস্থিতিত দেশৰ ৰাজনৈতিক মহলে ধাৰণা কৰে যে ৰাষ্ট্ৰপতিয়ে বাৰ্নিয়াৰক ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰে। কাৰণ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ পিছতহে বাচি লোৱা হ’ব, যিটো বৰ্তমান ফ্ৰান্সৰ সংবিধান অনুসৰি সম্ভৱ নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd