• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ফ্ৰেঞ্চ অপেন: জক’ভিচক পৰাস্ত কৰি ছেমিত প্ৰৱেশ ক্লে’ ক’ৰ্ট বাদশ্বাহ নাডালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2022 11:37 am
French Open: Rafael Nadal vs Novak Djokovic
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰেঞ্চ অপেন মানেই যেন ৰাফেল নাডাল। প্ৰতিযোগিতাখনৰ ইতিহাসত ইতিমধ্যেই অবিসম্বাদী সম্ৰাট হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে স্পেনিচ তাৰকাগৰাকীয়ে। সেয়ে নাদালক কোৱা হয় “ক্লে’ ক’ৰ্টৰ বাদশ্বাহ”। এই অভিধা অক্ষুণ্ণ ৰাখি আকৌ এবাৰ চলিত ফ্ৰেঞ্চ অপেনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে নাডালে।

আজি পুৱতি নিশা কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ ন’ভাক জক’ভিচক চাৰিটা ছেটৰ অন্তত পৰাস্ত কৰি কেৰিয়াৰৰ ১৫ সংখ্যক ফ্ৰেঞ্চ অপেন ছেমি ফাইনেলত উপনীত হয় নাডাল। অভিলেখ সংখ্যক ১৩ বাৰৰ ৰোঁলা গেৰোঁ চেম্পিয়ন নাডালে ৪ ঘণ্টা ১২ মিনিটৰ যুঁজখনত ৬-২, ৪-৬, ৬-২, ৭-৬ (৭/৪)ব্যৱধানত পৰাস্ত কৰে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ জক’ভিচক।

Apply Now

উল্লেখ্য যে যোৱা বছৰৰ ফ্ৰেঞ্চ অপেনৰ ছেমিফাইনেলত জক’ভিচৰ বিৰুদ্ধেই পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছিল নাডালে। আজিৰ জয়েৰে তেওঁ এই পৰাজয়ৰ পোতক তোলে। উল্লেখ্য যে জক’ভিচৰ বিৰুদ্ধে ফ্ৰেঞ্চ অপেনত দহবাৰৰ মুখামুখিত আজিৰ সৈতে ১০ খন মেচৰ অষ্টম বিজয় সাব্যস্ত কৰে নাডালে।

আনহাতে কেৰিয়াৰত দুয়োগৰাকী কিংবদন্তী তাৰকা আজি ৫৯ সংখ্যক বাৰৰ বাবে মুখামুখি হৈছিল। আজিৰ জয়েৰে নাডালে জক’ভিচৰ বিৰুদ্ধে কেৰিয়াৰ ৰেকৰ্ড ২৯-৩০ লৈ হ্ৰাস কৰে।

জয়ৰ পাছতে নাডালে কয়, “মই অতি আৱেগিক। মোৰ বাবে ইয়াত খেলাৰ অনুভৱ অবিশ্বাস্য।”

জক’ভিচৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা সন্দৰ্ভত নাডালে কয়, “জক’ভিচৰ বিৰুদ্ধে খেলাটো সদায়ে এক অবিশ্বাস্য প্ৰত্যাহ্বান। ন’ভাকৰ বিৰুদ্ধে জয়ী হোৱাৰ একমাত্ৰ উপায় হৈছে প্ৰথম পইণ্টৰ পৰা শেষলৈকে আপোনাৰ সৰ্বশ্ৰেষ্ঠ খেলৰ প্ৰদৰ্শন।”

উল্লেখ্য যে ২০০৫ চনত ফ্ৰেঞ্চ অপেনত অভিষেক ঘটোৱাৰ পিছত প্ৰতিযোগিতাখনত তেওঁৰ ১১৩ খন খেলৰ মাত্ৰ তিনিখনতহে পৰাজিত হৈছে নাডাল।

আনহাতে মেচখনত পৰাজয়ৰ পাছতে জক’ভিচে নাডালক অভিনন্দন জনায়। জক’ভিচে কয়, “ৰাফাক অভিনন্দন, গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁ ভাল খেল প্ৰদৰ্শন কৰে। তেওঁ কিয় এজন মহান চেম্পিয়ন, সেয়া তেওঁ প্ৰমাণ কৰিছে। তেওঁ ইয়াৰ যোগ্য।”

কেৰিয়াৰৰ অভিলেখ ২২ সংখ্যক গ্ৰেণ্ডশ্লেমৰ সন্ধানত থকা নাডাল শুকুৰবাৰে ছেমিফাইনেলত আলেকজেণ্ডাৰ জেভেৰেভৰ সন্মুখীন হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

August 13, 2026 6:23 pm
লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

August 13, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd