পদত্যাগ কৰিলে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্নীয়ে; পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ দৌৰত কোন?

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্নীয়ে পদত্যাগ কৰিছে। দায়িত্ব লোৱাৰ দুবছৰ নৌহওঁতেই তেওঁ এই পদ এৰিলে। চলিত বছৰতে ইউৰোপীয় সংসদৰ নিৰ্বাচন। ইয়াৰ পূৰ্বে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে তেওঁৰ চৰকাৰত বৃহৎ পৰিৱৰ্তন কৰিবলৈ ওলাইছে বুলি চৰ্চাৰ মাজতে বৰ্ণীয়ে চৰকাৰৰ মুৰব্বীৰ পদ ত্যাগ কৰিলে।

মেক্ৰনে এক বিবৃতিত বৰ্নীক প্ৰশংসা কৰে। তেওঁ কয় যে চৰকাৰৰ মুৰব্বী হিচাপে বৰ্ণীয়ে “সাহসী, প্ৰতিশ্ৰুতিবদ্ধ আৰু দৃঢ়” আচৰণ কৰিছিল।

বৰ্নীৰ পিছত ফ্ৰান্স চৰকাৰৰ মুৰব্বী হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰিব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী কাৰ্যালয় এলিছি পেলেচৰ এক বিবৃতিত কোৱা হৈছে যে নতুন প্ৰধানমন্ত্ৰী নিযুক্তি নোহোৱালৈকে বৰ্নীয়ে নিজৰ দায়িত্ব পালন কৰিব।

লগতে পঢ়কঃ জাৰ্মানীৰ বিশ্বজয়ী ফুটবলাৰ তথা প্ৰশিক্ষক কিংবদন্তি ফ্ৰাঞ্জ বেকেনবাউৰৰ দেহাৱসান

এলিজাবেথ বৰ্নী ফ্ৰান্সৰ দ্বিতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী। ২০২২ চনৰ মে’ মাহত তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ পূৰ্বে ফ্ৰান্সৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল এডিথ ক্ৰেছন। ১৯৯১ চনৰ মে’ মাহৰ পৰা পিছৰ বছৰৰ এপ্ৰিল মাহলৈকে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আছিল।

চৰকাৰত বৰ্নীৰ স্থানত শিক্ষামন্ত্ৰী ৩৪ বছৰীয়া গেব্ৰিয়েল আটালে নেতৃত্ব দিয়াৰ চৰ্চা আগবাঢ়ি আছে। যদিহে তেওঁক নিযুক্তি দিয়া হয় তেন্তে তেওঁ হ’ব ফ্ৰান্সৰ আটাইতকৈ কম বয়সীয়া আৰু প্ৰথমগৰাকী সমকামী প্ৰধানমন্ত্ৰী।

লগতে পঢ়কঃ চৰকাৰ গঠনৰ এমাহৰ ভিতৰতে ৰাজস্থানৰ উপ-নিৰ্বাচনত বিজেপিৰ মুখথেকেচা; জিকিল কংগ্ৰেছ, হাৰিল মন্ত্ৰী

আনহাতে, ফ্ৰান্সৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত দেশখনৰ সামৰিক পৰিক্ৰমা মন্ত্ৰী চেবাষ্টিয়ান লিকৰ্ণু আৰু প্ৰাক্তন কৃষি মন্ত্ৰী জুলিয়েন ডেন’ৰমাণ্ডিছৰ নামো চৰ্চাত আছে।