নতুন হিংসাৰ ফলত মণিপুৰত ৪৮ ঘণ্টাত ৪ জন লোকৰ মৃত্যু, আহত ৭ জন

ফাইল ফটো।

বুধবাৰে (১৭ জানুৱাৰী) নিশাৰ পৰা সমগ্ৰ মণিপুৰত পুনৰ নতুন হিংসাত্মক ঘটনা সংঘটিত হৈছে। পৃথক পৃথক ঘটনাত চাৰিজন লোকৰ মৃত্যু ঘটিছে যাৰ মাজত এক পিতৃ-পুত্ৰও আছে। ইয়াৰ  লগতে আন সাতজন লোক আহত হৈছে।

বিষ্ণুপুৰ জিলাৰ নিংথৌখং খা-খুনৌ গাঁৱত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে অনুপ্ৰৱেশ কৰি বৃহস্পতিবাৰে (১৮ জানুৱাৰী) বিয়লি প্ৰায় ৪.৩০ বজাত তিনিজন লোকৰ ওপৰত গুলীচালনা কৰে বুলি অঞ্চলটোৰ সামাজিক সংগঠন চিংটাম লিচিং লুপৰ  সম্পাদক হেইছনাম তাৰ্জিতে জানিবলৈ দিয়ে।

অভূতপূৰ্ব আক্ৰমণৰ ফলত তিনিজন থিতাতে নিহত হয়। তেওঁলোক হৈছে থিয়াম সোমেন (৫৪), অইনাম বামোইজাও (৬১) আৰু তেওঁৰ পুত্ৰ অইনাম মানিটোম্বা (৩৫)।

বিষ্ণুপুৰ আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি ইম্ফলস্থিত ৰিমছ চিকিৎসালয়ৰ মৰ্চাৰীলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে অনাৰ পূৰ্বে জিলাখনৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়কঃ ছিৰিয়াত বিমান আক্ৰমণ; ১০ জন সাধাৰণ নাগৰিকৰ মৃত্যু, কোনে চলালে আক্ৰমণ?

আনহাতে, বুধবাৰে নিশা কাংপকপি জিলাৰ সীমান্তৱৰ্তী ইম্ফল পশ্চিম জিলাৰ কাংচুপ অঞ্চলৰ এখন গাঁৱত সন্দেহযুক্ত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে।

এই আক্ৰমণত এজন গাঁও প্ৰতিৰক্ষা স্বেচ্ছাসেৱক (ভিডিভি) তাখেলামবাম মনোৰঞ্জন (২৬) নিহত হোৱাৰ লগতে আন এজন স্বেচ্ছাসেৱক মাংছাতাবাম ৱাংলেন গুলীত আঘাতপ্ৰাপ্ত হয়।

ইম্ফল পূৱ জিলাৰ থিয়াম কনজিনৰ মৃত মনোৰঞ্জনৰ সম্পৰ্কীয় ভাতৃ তাখেলম্বাম চিত্তৰঞ্জনে জনায় যে এই ঘটনাৰ প্ৰায় এঘণ্টা আগতে তেওঁ পত্নীক ফোন কৰি কৈছিল যে তেওঁ উগ্ৰপন্থীৰ অহৰহ আক্ৰমণৰ পৰা গাঁওখনক ৰক্ষা কৰিবলৈ কাংচুপৰ পাহাৰতলীত আছে।

আন এক ঘটনাত নিশা থৌবাল জিলা আৰক্ষীক উন্মত্ত জনতাই আক্ৰমণ কৰাত বিএছএফৰ তিনিজন জোৱান আহত হয়। প্ৰতিবাদী লোকসকলে মৰেহ চহৰত উগ্ৰপন্থীয়ে ৰাজ্যিক নিৰাপত্তা বাহিনীক চলোৱা নিৰন্তৰ আক্ৰমণ প্ৰতিহত অধিক বাহিনী প্ৰেৰণ কৰিবলৈ চৰকাৰক দাবী জনায়।

লগতে পঢ়কঃ গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা ১৪ বছৰীয়া কিশোৰীক উত্তৰ প্ৰদেশত উদ্ধাৰ

উত্তেজিত পৰিস্থিতিৰ শাম কটাবলৈ থৌবাল জিলা দণ্ডাধীশে সমগ্ৰ জিলাখনতে অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰে।

আৰক্ষীয়ে জনোৱা মতে, খাংগাবকস্থিত ৩য় আই আৰ বিৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা উন্মত্ত জনতাক নিৰাপত্তা বাহিনীয়ে নূন্যতম প্ৰয়োজনীয় শক্তি ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰে। থৌবাল আৰক্ষীৰ মুখ্য কাৰ্যালয় ভঙাৰ চেষ্টা চলোৱাৰ ফলত নিৰাপত্তা বাহিনীয়ে আইনী বল প্ৰয়োগ কৰে। ভিৰৰ মাজৰ পৰা অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে সজীৱ গুলীচালনা কৰে, যাৰ ফলত বি এছ এফৰ তিনিজন জোৱান গুলীত আঘাতপ্ৰাপ্ত হয়।

এই আক্ৰমণত আঘাতপ্ৰাপ্ত সহকাৰী উপ-পৰিদৰ্শক সোব্ৰম সিং আৰু ৰামজী আৰু কনিষ্টবল গৌৰৱ কুমাৰ ইম্ফলৰ ৰাজ মেডিচিটি হাস্পতালত চিকিৎসাধীন হৈ আছে।

আন এক কাণ্ডত বুধবাৰে নিশা মৰেহত আক্ৰমণৰ বলি হোৱাৰ ফলত ৰাজ্য আৰক্ষীৰ তিনিজন কমাণ্ডো, ৰাইফলমেন কে প্ৰেমানন্দ (১ম আই আৰ বি), এম ডি আব্দুল হাছিম আৰু ৩য় আই আৰ বিৰ ছংছুৱাথুই আইমোল আহত হয়।

লগতে পঢ়কঃ কোচিং চেণ্টাৰত ১৬ বছৰ অনুৰ্ধৰ বাবে নামভৰ্তি বন্ধ; কেন্দ্ৰৰ নতুন নিৰ্দেশনা

উপত্যকাৰ জিলাসমূহত বৃহৎ সংখ্যক মহিলাই প্ৰতিবাদী সভা অনুষ্ঠিত কৰি কেন্দ্ৰই ইউনিফাইড কমাণ্ডৰ অধ্যক্ষৰ দায়িত্ব মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক অৰ্পণ কৰিবলৈ দাবী জনাইছে।